/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/ac606b39-362d-4516-8823-c0b5458a4238/morigaon_2.jpg)
morigaon pijush
ডিজিটেল ডেস্ক, দিছপুৰ : ১৪ আৰু ১৫ অক্টোবৰত দুদিনীয়াকৈ আয়োজন কৰা মৰিগাঁও জিলা দিৱসৰ দ্বিতীয় দিনা অসমৰ ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখী মুখ্য অতিথি হিচাপে উপস্থিত থকা মুকলি সভা অনুষ্ঠানত ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী তথা মৰিগাঁও জিলাৰ জাগীৰোড বিধানসভা সমষ্টিৰ বিধায়ক পীযুষ হাজৰীকা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ।
অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মন্ত্ৰী হাজৰীকাই কয় যে কেইবছৰমানৰ আগলৈকে অসমৰ পিছপৰা জিলা হিচাপে একাংশই ক’ব খোজা মৰিগাঁও জিলাখন বৰ্তমানে ৰাজ্যখনৰ অন্যতম উন্নত জিলালৈ উন্নীত হৈ আছে। লগতে তেওঁ কয় যে উন্নয়নৰ একোটা অন্যতম মাপকাঠি, বাট-পথৰ প্ৰসংগৰে মন্ত্ৰী গৰাকীয়ে কয় যে বৰ্তমানৰ মৰিগাঁও জিলাৰ বাট-পথবোৰ যথেষ্ট উন্নত আৰু ৰাজ্য চৰকাৰে আতকধুনীয়াকৈ নিৰ্মাণ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/b01c1b53-b93b-49ff-bcc2-a6afb295538d/11.jpg)
এসময়ত ৰাজ্যখনৰ আটাইতকৈ বেছি বানপানী হোৱা প্ৰথম তিনিখন জিলাৰ ভিতৰত থকা মৰিগাঁও জিলাত চলিত বৰ্ষত বানৰ প্ৰকোপ হ্ৰাস হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে লাহৰীঘাটত প্ৰায় ১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰি এইবাৰ জলসম্পদ বিভাগে মৰিগাঁৱত বানৰ প্ৰকোপ হ্ৰাস কৰিবলৈ প্ৰয়াস কৰি বহুখিনি সফল হৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/8cf01feb-aca7-407e-8f1a-fc745749cd6c/223.jpg)
শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে ৩৭০০ কোটি টকাৰ ঋণ লাভ কৰা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে এই ঋণৰ প্ৰায় ৪৩৯ কোটি টকা মৰিগাঁও জিলাত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া ৰোধৰ বাবে ব্যয় কৰা হ’ব আৰু ২০২৩ বৰ্ষৰ ডিচেম্বৰ মাহত এই কাম আৰম্ভ কৰা হ’ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/5636a974-fdc8-4582-9f5a-15a34a9a9b41/22.jpg)
আজিৰ বক্তব্যৰ প্ৰথমতেই মন্ত্ৰী হাজৰিকাই দুদিনীয়াকৈ আয়োজিত মৰিগাঁও জিলা দিৱসৰ অনুষ্ঠান আতকধুনীয়াকৈ আয়োজন কৰাৰ বাবে জিলা প্ৰশাসনৰ শলাগ লোৱাৰ লগতে সমূহ জিলাবাসীকে জিলা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে ।