/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/snak.jpg)
ডিজিটেল সংবাদ, মৰিগাঁও: মৰিগাঁৱৰ এজন ব্যক্তিৰ শিহৰণকাৰী দৃশ্য ৷ মৰাকলঙৰ এই ব্যক্তি জনে দুটা সাপৰ সৈতে কৰিছে গা শিয়ৰী উঠা কাৰ্য ৷
গোৱালা সাপ ডিঙিত লেৰিয়াই লোৱাৰ বিপৰীতে আনটো সাপ ধৰি প্ৰদৰ্শন কৰিছে উপস্থিত ৰাইজক ৷ কোনোৱে যদি এৰি দিয়াৰ কথা কৈছে আন কোনোৱে আকৌ মোবাইলত তুলিছে শিহৰণকাৰী দৃশ্যটো ৷
তাৰ মাজতে মদ্যপায়ী লোকজনে দেখুৱাইছে হাতত সৰ্প দংশনৰ চিন ৷ ভয়ত লোক সকলে সাপকেইটা এৰি দিবলৈ আঁতৰৰ পৰা অনুৰোধ জনাই যদিও দুগুণ বেছিহে কৰে মদ্যপায়ী লোকজনে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us