/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/fdvdff.jpg)
ডিজিটেল সংবাদ, মৰিগাঁও: মৰিগাঁও আৰক্ষীৰ বিশেষ শাখাৰ জিলাখনৰ কেইবা ঠাইটো সুৰাৰ বিৰুদ্ধে অভিযান চলায়। আৰক্ষী বিশেষ শাখাৰ পৰিদৰ্শক হিৰণ্য পাতৰৰ নেতৃত্বত চলা এই অভিযানত মিকিৰভেটা আৰক্ষী চকীৰ অন্তৰ্গত চুৰাতবৰীত অভিযান চলাই ৬ কাৰ্টুন বিলাতী সুৰা জব্দ কৰি মিকিৰভেটা আৰক্ষী চকীত গতাই দিয়ে।
ইয়াৰোপৰি মিকিৰভেটা আৰক্ষী চকীৰ অন্তৰ্গত খাটনিয়া বৰীত অভিযান চলাই প্ৰায় ৫০০ লিটাৰ দেশীয় চুলাই নষ্ট কৰে। লালি গুড় দি প্ৰস্তুত কৰা দেশীয় চুলাইখিনি অস্বাস্থ্যকৰ পৰিবেশত তৈয়াৰ কৰা হৈছিল।
অন্য এক অভিযানত জাগীৰোড শিলভঙাত থকা মাতৃ হোটেলত অভিযান চলাই দুই কাৰ্টুন আৰু স্বত্বাধিকাৰীৰ ঘৰত অভিযান মুঠ দহ কাৰ্টুন বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।
আৰু পঢ়ক: পথৰ কাষত থকা দোকানত খুন্দা তীব্ৰবেগী বাহনৰ, আহত শিশু সহ ৫ জন…