এটুপি পানীৰ বাবে হাহাকাৰ মৰিগাঁৱত…

এটুপি পানীৰ বাবে হাহাকাৰ মৰিগাঁৱত…

author-image
asomiyapratidin
New Update
এটুপি পানীৰ বাবে হাহাকাৰ মৰিগাঁৱত…

ডিজিটেল সংবাদ, মৰিগাঁও: এটুপি পানীৰ বাবে হাহাকাৰ লাগিছে মৰিগাঁৱত। মৰিগাঁওৰ উপায়ুক্ত ,অতিৰিক্ত উপায়ুক্ত আৰু বিষয়া সকলে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ কেৰেপ নকৰে। এটুপি পানীৰ বাবে বেয়া হৈ থকা দমকল এটা ঠিক কৰি দিয়াৰ বাবে অতিৰিক্ত উপায়ুক্ত গাৰ্গ মোহন দাসক অভিযোগ দিয়াৰ পিছতো গুৰুত্ব নিদিলে। যাৰ ফলত ৰাইজে এটুপিৰ পানীৰ বাবে হাহাকাৰ কৰিছে।

মৰিগাঁও বিলৰ মুখ গাওঁত এই হাহাকাৰ অৱস্থা। এটুপি পানীৰ বাবে কান্দিছে জনতাই।চৰকাৰী তিনিটা দমকল বন্যাৰ্তক দিছিল যদিও দুটাৰ পৰা দুৰ্গোন্ধ আৰু এটা দমকলৰ পৰা পানী নোলায়।বেয়া হৈ থকা দমকল ঠিক কৰিবৰ বাবে অতিৰিক্ত উপায়ুক্ত গাৰ্গ মোহন দাসক অভিযোগ দিছিল যদিও গুৰুত্ব নিদিলে প্ৰশাসনে। যাৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে জনতা।

assam morigaon