/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/morigaon.png)
ডিজিটেল সংবাদ,মৰিগাঁও: মৰিগাঁৱত এইবাৰ আৰক্ষীৰ লক্ষ্য কুখ্যাত বাইক চোৰ।বাইক চোৰৰ ওপৰত চলিল ৰবিবাৰে মৰিগাঁও আৰক্ষীৰ গুলী। ত্ৰৈলোক্য বৰদলৈ নামৰ কুখ্যাত বাইক চোৰটোক কুশতলিত আটক কৰি থানালৈ নিয়াৰ অৱস্থাত বগলীপাৰাত প্ৰস্ৰাৱ কৰিব লাগে বুলি অনুৰোধ কৰিছিল অভিযান কাৰী আৰক্ষীক।তাৰ পিছতেই প্ৰস্ৰাৱ কৰিবলৈ গাড়ী ৰাখোঁতে পলাই যাবলৈ চেষ্টা কৰিছিল ত্ৰৈলোক্য বৰদলৈয়ে।আৰক্ষীয়ে কুখ্যাত চোৰটোক ৰখিবলৈ অনুৰোধ জনায় যদিও আৰক্ষীৰ বাধা নামানি পলাই যাবলৈ চেষ্টা কৰে।তাৰ পিছতেই আৰক্ষীয়ে গুলিয়াবলৈ বাধ্য হয়।
আৰক্ষীৰ গুলি চোৰটোৰ সোঁ-ভৰিত লাগে বুলি জানিব পৰা গৈছে। বাইক চুৰ ত্ৰৈলোক্যক লগে লগে চিকিৎসাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়ত নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰন কৰা হয়।উল্লেখযোগ্য যে বিগত সময়ত মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলত বিভিন্ন ব্যক্তিৰ ঘৰৰ বাৰাণ্ডাৰ পৰা গ্ৰীল ভাঙিও বাইক চুৰ কৰি নিয়াৰ অভিযোগ আছে কুখ্যাত অপৰাধী জনৰ বিৰুদ্ধে।
গুলিবিদ্ধ বাইক চোৰটোৰ ঘৰ মৰিগাঁও জিলাৰ জাগীৰোডৰ থানা ৰ অন্তৰ্গত নখোলাত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। বাইক চোৰ ত্ৰৈলোক্য বৰদলৈৰ ওৰফে লব সিং অন্তৰাজ্যিক গাড়ী চুৰি চক্ৰৰ সতেও জড়িত। মৰিগাঁও, কামৰূপ, নগাঁও আদি জিলা পৰা বাইক চুৰি কৰি নাগালেণ্ডৰ ডিমাপুৰত বিক্ৰী কৰি আহিছিল আৰু ত্ৰৈলোক্য বৰদলৈ ওৰফে লবই চুৰ কৰা বাইক আজিলৈকে উদ্ধাৰ কৰিব পৰা নাছিল কোনো এখন জিলাৰ আৰক্ষীয়ে।
গুলিবিদ্ধ লব সিঙৰ ভয়ত এটা সময়ত জাগীৰোড অঞ্চলৰ বহু মানুহে নিজৰ পছন্দৰ দামী বাইক ক্ৰয় কৰিবলৈ একপ্ৰকাৰ ভয় কৰিছিল।আতংকৰ অন্য এক নাম হৈ পৰিছিল লব সিং।অলপতে মৰিগাঁও কোৰ্ট ৰ এজন অধিবক্তা ৰ এখন প্ৰায় দুই লাখ টকীয়া বাইক চুৰি হৈছিল।নিশা পিছে পিছে খেদি যায় যদিও ধৰিব নোৱাৰিলে চোৰ টোক।আৰক্ষীৰ জেৰাত হয়তো সকলো খুলি কব বৰ্তমান গুৱাহাটী ত চিকিৎসা ধীন হৈ থকা কুখ্যাত বাইক চোৰ টোৱে।