/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/11/aap.jpg)
ডিজিটেল ডেস্ক: দেওবাৰে ডিব্ৰুগড়ত প্ৰায় ৫০০০ লোকে যোগদান কৰে আম আদমি পাৰ্টীত।এই যোগদান কাৰ্যসূচী ডিব্ৰুগড়ৰ লাহোৱালত অনুষ্ঠিত হয়।
বিজেপি, কংগ্ৰেছ, এজেপি, ৰাইজৰ দল আদিৰ পৰা এই ৫০০০ লোকে যোগদান কৰে আপত।এই কাৰ্যসূচীত উপস্থিত থাকে আপৰ নেতা মনোজ ধনোৱাৰৰ লগতে বহু নেতা কৰ্মী।
উল্লেখ্য যে, কিছুদিন পূৰ্বে এআইইউডিএফৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰী, ৰাইজৰ দলৰ উপ সভাপতি কমল কুমাৰ মেধিৰ লগতে আন বহুতে যোগদান কৰে আপত।
মন কৰিলে দেখা যায় যে, বিগত কেইমাহ মানৰ পৰা অসমত আপে খোপনি পুতিবলৈ চেষ্টা কৰিছে। ইতিমধ্যে পৌৰ নিগম নিৰ্বাচন আৰু পৌৰ সভা নিৰ্বাচনত আপে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।হয়তো পৰৱৰ্তী সময়ত আপে অসমত নতুন ৰাজনৈতিক সমীকৰণৰ সৃষ্টি কৰিব।
আৰু পঢ়ক: ওদালগুৰিত জিঅ'ৰ ইণ্টাৰনেট সংযোগৰ কামত অঘটন, শ্ৰমিকৰ মৃত্যু…