/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/flood-6.jpg)
ডিজিটেল ডেস্ক: অসমৰ বানপানী সমস্যা সমস্যা হৈয়ে আছে। শেহতীয়া বানে ৰাজ্যখনত সংহাৰ ৰূপ ধাৰণ কৰিছে। ১৯ জুন ২০২২ ৰ পুৱা ভাগলৈকে ৩২ খন জিলাৰ বানৰ কবলত আছে। এইবাৰ প্ৰলয়ংকাৰী বানত চৰকাৰী সূত্ৰ অনুসৰি ১১৮ টা ৰাজহ চক্ৰৰ ৪২৯১ খন গাঁও প্লাৱিত হৈছে।
চেন্ট্ৰেল ৱাটাৰ কমিচনৰ বুলেটিনৰ তথ্য অনুসৰি প্ৰায় ৩০ লাখ ৯৯ হাজাৰ ৭৬২ জন লোক বানৰ কবলত পৰিছে। ইয়াৰে ১ লাখ ৫৬ হাজাৰ ৩৬৫ জনে আশ্ৰয় শিবিৰত আছে। ৰাজ্যত বানৰ বাবে ৫১৪ টা আশ্ৰয় শিবিৰ স্থাপন কৰিছে প্ৰশাসনে।
বানাক্ৰান্ত সকলক সহায় কৰিবৰ বাবে এছ ডি আৰ এফ, দুৰ্যোগ প্ৰশমন বিভাগ, অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী আদি বিভাগ সমূহৰ উপৰিও বহু বেচৰকাৰী সংস্থাই কাম কৰি আছে। উদ্ধাৰকাৰী দলে ২০৯৮৩ জন লোকক উদ্ধাৰ কৰিছে।
ৰাজ্যত চলিত বৰ্ষত বান আৰু গৰাখহনীয়াত ৬২ জন লোকৰ মৃত্যু হৈছে। বিভিন্ন স্থানৰ পৰা ভূমিস্খলন হোৱাৰ খবৰো আহি আছে। কাছাৰ, ডিমা হাচাও, গোৱালপাৰা, হাইলাকান্দি, কামৰূপ মহানগৰ, কৰিমগঞ্জ, দক্ষিণ শালমৰাত যোৱা ২৪ ঘন্টাত ভূমিস্খলনৰ ঘটনা ঘটিছে।
ভূমিস্খলনত ৭ জনকৈ লোকৰ মৃত্যু হৈছে। ১৪৮৫৭ জন লোকৰ ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে বানপানীত। আনহাতে আংশিকভাৱে ১ লাখ ৬ হাজাৰ ৭৮৭ টা ঘৰ পানীত বুৰ গৈছে।
আৰু পঢ়ক: নৱগ্ৰহ পথত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা…