কাৰ্বি আংলঙত বিজেপি এৰি কংগ্ৰেছত যোগদান শতাধিক লোকৰ

পশ্চিম কাৰ্বি আংলং জিলাৰ ৭ নং কপিলী পৰিষদীয় সমষ্টিৰ বিজেপিত খহনীয়া। শতাধিক লোকে ত্যাগ কৰিলে বিজেপি দল। বিজেপি আৰু আঞ্চলিক দল এপিএইছএলচিৰ শতাধিক  পুৰুষ-মহিলাই সোমবাৰে খেৰণিস্থিত দলীয় কাৰ্যালয়ত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে ৷ 

author-image
Asomiya Pratidin
New Update
শতাধিক নেতা-কৰ্মীৰ বিজেপি দলত্যাগ

শতাধিক নেতা-কৰ্মীৰ বিজেপি দলত্যাগ

ডিজ্টেল সংবাদ, খেৰণি: পশ্চিম কাৰ্বি আংলং জিলাৰ ৭ নং কপিলী পৰিষদীয় সমষ্টিৰ বিজেপিত খহনীয়া। শতাধিক লোকে ত্যাগ কৰিলে বিজেপি দল। বিজেপি আৰু আঞ্চলিক দল এপিএইছএলচিৰ শতাধিক  পুৰুষ-মহিলাই সোমবাৰে খেৰণিস্থিত দলীয় কাৰ্যালয়ত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে ৷ 

কপিলী মহিলা মণ্ডল কংগ্ৰেছৰ নৱ- নিযুক্তি সভানেত্ৰী লাৰ্টা ৰংপিপীৰ সভাপতিত্বত অনুষ্ঠিত সভাত সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ পুৰুষ-মহিলাই  দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰে ৷ যোগদান কাৰ্যসুচীত জিলা কংগ্ৰেছৰ অস্থায়ী ভাৰপ্ৰাপ্ত জিলা সভানেত্ৰী এলিছ ইংতিপী, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী চনাম টিমুংপী, জিলা যুৱ কংগ্ৰেছৰ সভাপতি আগষ্টিন ইংহি প্ৰমুখ্যে জিলা কংগ্ৰেছৰ বহু কেইগৰাকী নেতাই অংশগ্ৰহণ কৰি দলত্যাগী নেতা- কৰ্মীক আদৰণি জনায় ৷ আনহাতে, শাসনাধীস্থ বিজেপিৰ একাংশ পুৰুষ-মহিলাই বিজেপি আৰু এপিএইছএলচি দলৰ প্ৰতি আস্থা হেৰুৱাই দলে-বলে কংগ্ৰেছত যোগদান কৰে বুলি সংবাদ-মাধ্যমৰ আগত জানিবলৈ দিয়ে ৷

বিজেপি কংগ্ৰেছ