নগাঁৱত ডেৰ শতাধিক শিশু কোৰোনাত আক্ৰান্ত

নগাঁৱত ডেৰ শতাধিক শিশু কোৰোনাত আক্ৰান্ত

author-image
asomiyapratidin
New Update
নগাঁৱত ডেৰ শতাধিক শিশু কোৰোনাত আক্ৰান্ত

নগাঁৱত ডেৰ শতাধিক শিশু কোৰোনাত আক্ৰান্ত

Advertisment

ডিজিটেল সংবাদ নগাঁওঃ কোভিডৰ তৃতীয় লহৰ অহাৰ পূৰ্বেই অতিমহামাৰী কৰোণাত নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ ডেৰশতাধিক শিশু এই পৰ্যন্ত কোভিড ৰোগত আক্ৰান্ত হোৱাৰ এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে । স্বাস্থ্য বিভাগৰ এক সূত্ৰৰ পৰা এই কথা জানিব পৰা গৈছে যদিও জিলা স্বাস্থ্য বিভাগ তথা প্ৰশাসনে এই কথা আনুষ্ঠানিক ভাবে স্বীকাৰ কৰা নাই । সূত্ৰটোৱে জনোৱা মতে জিলাখনৰ বিভিন্ন প্ৰান্তত শনিবাৰ পৰ্যন্ত মুঠ ১৭২ গৰাকী শিশু কৰোণাত আক্ৰান্ত হৈছে । ইয়াৰ ভিতৰত ছমহীয়া শিশুৰ পৰা চৈধ্য বছৰীয়া শিশুলৈকে আছে ।

ক্লিক কৰি পঢ়কঃ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ

লক্ষণীয় ভাবে এই শিশুসকলৰ ভিতৰত কেঞ্চাৰৰ দৰে জটিল ৰোগত আক্ৰান্ত এটি চাৰিবছৰীয়া শিশুও আছে । আমাৰ হাতত থকা তথ্য অনুসৰি এইসকল শিশুৰে বৰ্তমান ১২টি শিশুৱে নগাঁও চহৰৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত আৰু ৫টি শিশুৱে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছে । আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ ভাগৱতীয়ে জনোৱা মতে মহাবিদ্যালয়খনে মহিলা আৰু শিশুৰ বাবে বিশেষভাৱে নিৰ্মাণ কৰা কোভিড কেয়াৰ চেণ্টাৰত বৰ্তমানলৈকে ৩২ টি শিশুৰ চিকিৎসা কৰা হৈছে ।

ইয়াৰে ২০ টি শিশু ইতিমধ্যে সুস্থ হৈ ঘৰলৈ ঘুৰি গৈছে আৰু ১২ টি শিশু এতিয়াও মহাবিদ্যালয়খনৰ কোভিদ কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ আছে । এই ১২টি শিশু হ'ল জিতু মণ্ডল(৪),মালো দাস(২.৬),মনজিৎ হীৰা(৯),ৰিমজিম ডেকা(৫), ৰূমীৰাণী ডেকা(৮), মীনাক্ষী বৰা(১২),জ্যোতিস্নাব বৰা(৪),ৰীতা দাস(২.৫),হীমসীতা দাস(৯), শশাংকৰ ডেকা(৬), পৰিস্মিতা বৰা(৬.৩), হৰসিতা দেবী(০.৬) । অধ্যক্ষগৰাকীয়ে জনোৱা মতে ইয়াৰে জিতু মণ্ডল নামৰ চাৰি বছৰীয়া শিশুটি কেঞ্চাৰৰ দৰে জটিল ৰোগত আক্ৰান্ত ।