Advertisment

উন্নীতকৰণ কৰা হ'ব দেশৰ ১২০০ ৰো অধিক ৰে'ল ষ্টেচনঃ তালিকাত আছে অসমৰ ৪৯ টা ষ্টেচনৰ নাম...

উন্নীতকৰণ কৰা হ'ব দেশৰ ১২০০ ৰো অধিক ৰে'ল ষ্টেচনঃ তালিকাত আছে অসমৰ ৪৯ টা ষ্টেচনৰ নাম...

author-image
Asomiya Pratidin
New Update
কেন্দ্ৰৰ সিদ্ধান্ত! ৩৫ বছৰলৈ লীজত দিয়া হ'ব ৰে'লৱেৰ মাটি

উন্নীতকৰণ কৰা হ'ব দেশৰ ১২০০ ৰো অধিক ৰে'ল ষ্টেচনঃ তালিকাত আছে অসমৰ ৪৯ টা ষ্টেচনৰ নাম...

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় ৰে'ল মন্ত্ৰণালয়ে অমৃত ভাৰত ষ্টেচন দেশৰ মুঠ ১২৭৫ টা ৰে'লৱে ষ্টেচন উন্নীতকৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰে'ল মন্ত্ৰণালয়ে গ্ৰহণ কৰা এই সিদ্ধান্তই অসমৰ বাবেও কঢ়িয়াই আনিছে ভাল খবৰ।

Advertisment

কিয়নো এই ১২৭৫ টা ৰে'ল ষ্টেচনৰ ভিতৰত অসমৰ ৪৯ টা ষ্টেচনে স্থান লাভ কৰিছে। এই সন্দৰ্ভত ৰাজ্য সভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই আজি সামাজিক মাধ্যমত এটা পোষ্ট দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে।

উল্লেখ্য যে অসমৰ যি কেইটা ৰে'ল ষ্টেচন উন্নীত কৰা হ'ব সেই কেইটাৰ ভিতৰত আছে আমগুৰি , অৰুণাচল, চাপৰমুখ, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিফু, ডুলীয়াজান, ফকৰিগ্ৰাম জংচন, গৌৰীপুৰ, গহপুৰ, গোলাঘাট, গোঁসাইগাও হাত, হয়বৰগাওঁ, হাৰমতি, হোজাই, জাগীৰোড, যোৰহাট, কামাখ্যা, কোকৰাঝাৰ, লংকা, লিডু, লামডিং, মাজবাট, মাকুম জংচন, মাৰ্ঘেৰিটা, মৰিয়ণী, মুৰকেংচেলেক, নাহৰকটীয়া, নলবাৰী, নামৰূপ, নাৰেংগী, নিউ বঙাইগাওঁ, নিউ হাফলং, নিউ কৰিমগঞ্জ, নিউ তিনিচুকীয়া, উত্তৰ লখিমপুৰ, পাঠশালা, ৰঙাপাৰা উত্তৰ, ৰঙিয়া জংচন, সৰুপথাৰ, শিৱসাগৰ টাউন, চিলাপথাৰ, শিলচৰ, শিমলুগুৰী, টংলা, তিনীচুকীয়া, ওডালগুৰি, আৰু বিশ্বনাথ চাৰিআলি ৷

এই সন্দৰ্ভত পবিত্ৰ মাৰ্ঘেৰিটাই ফেচবুকত লিখিছে এইদৰে- “অমৃত ভাৰত ষ্টেচন” আচঁনিৰ অধীনত আধুনিকীকৰণ কৰিবলগীয়া দেশৰ ১২৭৫ টা ৰে'ল ষ্টেচনৰ তালিকাত অসমৰ ৪৯ টা ষ্টেচনৰ অন্তৰ্ভুক্তিৰ বাবে শ্ৰীযুত নৰেন্দ্ৰ মোদীদেৱ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জনালোঁ।

বিগত বৰ্ষত উত্তৰ-পূবৰ সাংসদসকল আৰু ৰে'ল বিভাগৰ শীৰ্ষ বিষয়াবৰ্গৰ মাজত হোৱা আলোচনাত কৈছিলোঁ যে অধিক যাত্ৰী সমাগম হোৱা ব্যস্ত ৰে'ল ষ্টেচনসমূহৰ আধুনিকীকৰণৰ নিশ্চিতভৱে প্ৰয়োজনীয়তা আছে। কিন্তু যিহেতু অসমত প্ৰথম ট্ৰেইন চলিছিল ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটা হৈ লিডু পৰ্যন্ত, সেয়েহে এই ঐতিহ্যমণ্ডিত ষ্টেচন কেইটাকো সামৰি লোৱাটো এক কৰ্তব্য।

ইয়াৰোপৰি তেওঁ এখন তালিকা আপলোড কৰি একেটা পোষ্টতে লিখিছে, মোৰ কথাৰ প্ৰভাৱ পৰিছিল নে নাই নাজানো, কিন্তু সতীৰ্থ সাংসদৰ প্ৰশ্নোত্তৰত প্ৰদত্ত তালিকাত আমাৰ অসমৰ সকলোবোৰ নামৰ লগতে ঘৰৰ মাৰ্ঘেৰিটা, মাকুম আৰু লিডুৰ নামকেইটাও দেখি বৰ সুখ অনুভৱ কৰিছোঁ।

Also Read: কি বাতৰি চাব, সেয়া আপোনাৰ ওপৰতে নিৰ্ভৰ কৰিব...

ৰে'ল ষ্টেচন