মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিত আপৰ দপদপনি! যোগদান কৰিলে শতাধিক লোকে...

কংগ্ৰেছৰ বিকল্প হিচাপে এইবাৰ আম আদমী পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈছে অসমৰ সাধাৰণ জনতা।

author-image
Asomiya Pratidin
New Update
মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিত আপৰ দপদপনি! যোগদান কৰিলে শতাধিক লোকে...

ডিজিটেল সংবাদ, বোকাখাত: কংগ্ৰেছৰ বিকল্প হিচাপে এইবাৰ আম আদমী পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈছে অসমৰ সাধাৰণ জনতা।

Advertisment

পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজধানী দিল্লীৰ দৰে অসমতো আপৰ ভেটি সবল কৰাৰ লক্ষ্যৰে দলটোৱে ব্যাপক তৎপৰতাৰে ইতিমধ্যে ৰাজ্যত অব্যাহত ৰাখিছে দলীয় কাম -কাজ।

ইয়াৰ মাজতে দেওবাৰে মন্ত্ৰী অতুল বৰাৰ গৃহসমষ্টি বোকাখাতত বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰে আপে। শক্তি প্ৰদৰ্শন কৰিলে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন "আম আদমী পাৰ্টিয়ে"।

যোগদান কৰিলে সমষ্টিটোৰ অন্তৰ্গত ২০টা পঞ্চায়ত তথা পৌৰ এলেকাৰ পৰা অহা প্ৰায় চাৰি শতাধিক লোকে।

আপৰ গোলাঘাট জিলাৰ যুটীয়া সাংগঠনিক সম্পাদক দিগন্ত গগৈৰ নেতৃত্বত বোকাখাতৰ নাট্য মন্দিৰত অনুষ্ঠিত বিশাল যোগদান কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যিক যুতীয়া সমন্বয়ক ৰাজীৱ শইকীয়াৰ লগতে জিলা সভাপতি পুলিন গগৈ তথা বহু সংখ্যক শীৰ্ষ নেতৃত্ব।

ইফালে অসমৰ ৰাইজক আস্থাত ৰাখি ভ্ৰষ্টাচাৰী শাসনৰ বিৰুদ্ধে আগন্তুক নিৰ্বাচনত সৰ্বশক্তিৰে যুজঁ দি আম আদমী পাৰ্টিয়ে চমকপদ ফল দেখুৱাবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে বোকাখাতত উপস্থিত হোৱা দলটোৰ শীৰ্ষ নেতৃত্বই।

bokakhat aap assam