/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/tinisuuu.jpg)
ডিজিটেল সংবাদ, তিনিচুকীয়া : অসমৰ আদিম ভূমিপুত্ৰ মৰাণসকলকে মুখ্য কৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ নামত প্ৰতিখন চৰকাৰে চূড়ান্তভাৱে অৱহেলা আৰু প্ৰবঞ্চনা কৰি আহিছে । শাসনলৈ অহাৰ পূৰ্বে তথা নিৰ্বাচনৰ আগমূহুৰ্তত শাসকীয় বিজেপি চৰকাৰখনে বিজেপি দল শাসনলৈ আহিলেই ছয় জনগোষ্ঠীক জনজাতিকৰণ চৰকাৰৰ প্ৰাথমিক চৰ্ত হ'ব বুলি আশ্বাস প্ৰদান কৰিছিল ।
কিন্তু শাসনলৈ অহাৰ পৰৱৰ্তী কালচোৱাত বিজেপি চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা দিয়াৰ নামত কি কৰিলে, কি নকৰিলে সেয়া সকলো জ্ঞাত । কিন্তু আমি হাত সাৱটি বহি নাথাকো । আমাক জনজাতিকৰণ লাগিবই । জনজাতিকৰণ আমাৰ ন্যাৰ্য দাবী । বিজেপি চৰকাৰে নিৰ্বাচনৰ আগমূহুৰ্তত যি প্ৰতিশ্রুতি প্ৰদান কৰিছিল সেয়া আখৰে আখৰে পালন কৰক । অন্যথাই মৰাণ ছাত্ৰ সন্থাই অৱধাৰিত ৰূপত আন্দোলন চলাই যাব । এই হুংকাৰ সদৌ মৰাণ ছাত্ৰ সন্থাৰ মাকুম আঞ্চলিক সমিতিৰ ।
মৰাণ জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰি স্বায়ত্ব শাসন প্ৰদান কৰাৰ দাবীত শুকুৰবাৰে মৰাণ ছাত্ৰ সন্থাৰ মাকুম আঞ্চলিক সমিতিয়ে চহৰখনৰ মাজমজিয়াৰ ৩৭ আৰু ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থলত অৱস্থান কৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । তদুপৰি এই প্ৰতিবাদৰ যোগেদি তিনিচুকীয়া জিলাৰ কৰ্দৈগুৰি অঞ্চলৰ বান-গৰাখহনীয়াত বিধ্বস্ত ২৪ টা ভূমিহীন পৰিয়ালক শীঘ্ৰে সংস্থাপন দিয়া, অৰুণাচল প্ৰদেশত বসবাস কৰা মৰাণসকলৰ লগতে অন্যান্য ৫ জনগোষ্ঠীক জনজাতিকৰণ আৰু অসম-অৰুণাচলৰ সীমা সমস্যাৰ সমাধানৰ দাবী উত্থাপন কৰে ।
প্ৰতিবাদকাৰীসকলে মাকুমৰ ৩৭ আৰু ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ দুটা অৱৰোধ কৰি বিক্ষোভ প্ৰদৰ্শন কৰাত যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে । প্ৰতিবাদৰ মাজতে জনজাতিকৰণৰ দাবীত বিভিন্ন শ্ল'গান দিয়াৰ লগতে বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনিও দিয়া হয় । সন্থাৰ মাকুম আঞ্চলিক সমিতিৰ সভাপতি ৰাতুল মৰাণে মৰাণসকলক ষষ্ঠ অনুসূচীভুক্ত কৰি স্বায়ত্ব শাসন প্ৰদান নকৰা পৰ্যন্ত জংগী আন্দোলন গঢ়ি তোলা হ'ব বুলিও উল্লেখ কৰে ।
আৰু পঢ়ক : ১৪ বছৰ অতিক্ৰম কৰিলে উত্তৰ-পূব কৰ্কট চিকিৎসালয় আৰু গৱেষণা প্ৰতিষ্ঠানে…