মৰাণত ৭১ আৰু মাহমৰাত ৭৬.৬৬ শতাংশ ভোটগ্ৰহণেৰে ২ সমষ্টিৰ নিৰ্বাচনৰ সামৰণি 

মৰাণত ৭১ আৰু মাহমৰাত ৭৬.৬৬ শতাংশ ভোটগ্ৰহণেৰে ২ সমষ্টিৰ নিৰ্বাচনৰ সামৰণি 

author-image
asomiyapratidin
New Update
মৰাণত ৭১ আৰু মাহমৰাত ৭৬.৬৬ শতাংশ ভোটগ্ৰহণেৰে ২ সমষ্টিৰ নিৰ্বাচনৰ সামৰণি 

ডিজিটেল সংবাদ, মৰাণঃ মৰাণত শান্তিপূৰ্ণভাৱে সমাপ্তি ঘটে ভোটদানৰ। মৰাণৰ সকলো ভোট কেন্দ্ৰতে পুৱাৰে পৰা ভোটাৰৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গ'ল। সকলোৱে মুখত একেটাই কথা উপযুক্ত প্ৰাৰ্থীক এইবাৰ ভোটদান কৰিছে। দেশৰ উন্নতিৰ বাবে নিকা আৰু স্বচ্চ চিন্তাসম্পন্ন প্ৰাৰ্থীক ভোটদান কৰিছে। নতুনকৈ ভোটাধিকাৰ পোৱা নাগৰিক সকলেও দেশ-জাতি উন্নয়নৰ স্বাৰ্থত দলতকৈ প্ৰাৰ্থী জনকহে পছন্দ কৰি ভোটদান সাব্যস্ত কৰিছে বুলি জানিবলৈ দিয়ে। মৰাণ মহাবিদ্যালয় ৪৩ নং আদৰ্শ ভোটকেন্দ্ৰত ডিব্ৰুগড় লোকসভা সমষ্টি জাতীয় কংগ্ৰেছৰ ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰে পত্নী জীৱনতাৰা ঘাটোৱাৰৰ সৈতে পুৱা ভাগতে ভোটদান কৰে যোৰহাট লোকসভা সমষ্টি কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইক।

ঘাটোৱাৰে ভোটদান সাব্যস্ত কৰি কয়- কংগ্ৰেছ দলে এইবাৰ ১৪খন আসনেই দখল কৰি ইতিহাস ৰচিব। তেওঁক ষষ্ঠ বাৰলৈ ডিব্ৰুগড় লোকসভা সমষ্টি ৰাইজে সাংসদ নিৰ্বাচিত কৰিব বুলি দৃঢ়তাৰে কয়। বিশেষকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বাবে অসমৰ ৰাইজে কংগ্ৰেছক ভোট দান কৰিব বুলিও তেওঁ কয়। উল্লখ্য যে- পৱন সিং ঘাটোৱাৰৰ ঘৰ চৰাইদেউ জিলা মৰাণ ঊষাপুৰত হোৱা হেতুকে তেওঁ নিজকে কেতিয়াও ভোট দিবলৈ পোৱা নাই।

আনহাতে এই ভোটকেন্দ্ৰতে মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে তপন কুমাৰ গগৈক ভোটদান কৰি কয়- দেশত পুনৰ নৰেন্দ্ৰ মোডীক প্ৰধানমন্ত্ৰী পাতিবলৈ ভোটাৰে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰৰ্থীক ভোটদান কৰিছে।

ইফালে ডিব্ৰুগড় জিলা মৰাণ কুশল নগৰ মজলীয়া বিদ্যালয় ভোটকেন্দ্ৰত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে ৰামেশ্বৰ তেলীক ভোটদান কৰি কয়- এইবাৰ ডিব্ৰুগড়ত পুনৰ ৰামেশ্বৰ তেলীয়েই জয়ী হ'ব। ৰামেশ্বৰ তেলীয়ে কংগ্ৰেছৰ প্ৰাৰ্থী পৱন সিং ঘাটোৱাক ৩ লাখৰো অধিক ভোটত পৰাস্ত কৰি অভিল্লেখ গঢ়িব বুলিও তেওঁ দৃঢ়তাৰে কয়। লগতে তেওঁ কয়- মৰাণ বিধানসভা সমষ্টিত ৩০ লাখৰো অধিক ভোটত আগবাঢ়িব ৰামেশ্বৰ তেলী।

ইফালে ৰামেশ্বৰ তেলীয়েও বিধায়কজনৰ সুৰতে সুৰ মিলাই কয়- তেওঁৰ ২০ বছৰৰ ৰাজনীতিৰ অভিজ্ঞতাৰ বাবে এইবাৰ ৰাইজে পুনৰ তেওঁকে সাংসদ হিচাপে নিৰ্বাচিত কৰিব। কংগ্ৰেছৰ অধ্যক্ষ পাপ্পু ওৰফে ৰাহুল গান্ধী বাবেই কংগ্ৰেছ দলে মুখ থেকেচা খাব বুলিও তেওঁ কয়। উল্লেখ্য যে- ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মৰাণৰ কেইবাটাও ভোটকেন্দ্ৰত ই ভি এম বিকল হোৱাৰ বাবে এঘন্টা পলমকৈ ভোটদান কৰিব লগা হয়। মৰাণ আৰু মাহমৰা ৰাজহ চক্ৰ বিষয়াদ্বয়ে জানিবলৈ দিয়া মতে সন্ধিয়া ৫ বজাৰলৈকে মৰাণ সমষ্টিত ৭১%শতাংশ আৰু মাহমৰা সমষ্টিত ৭৬.৬৬ শতাংশ ভোট দান হৈছে। কেইবাটাও ভোট কেন্দ্ৰত পাঁচ বজাৰ পাছতো ভোটদান চলি আছে।