শনিবাৰে ‘মৰাণ গ্ৰন্থমেলা’ৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে

শনিবাৰে ‘মৰাণ গ্ৰন্থমেলা’ৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে

author-image
asomiyapratidin
New Update
শনিবাৰে ‘মৰাণ গ্ৰন্থমেলা’ৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে

ডিজিটেল সংবাদ, মৰাণঃ মৰাণত শনিবাৰৰে পৰা আৰম্ভ হৈছে মৰাণ গ্ৰন্থমেলা। স্বেচ্ছাসেৱী অনুষ্ঠান 'সৃজন'ৰ উদ্যোগত আৰু মৰাণবাসী ৰাইজৰ সহযোগত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত ১০ জানুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া মৰাণ গ্ৰন্থমেলাখনৰ আনুষ্ঠিকভাৱে শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা তথা শিশু সাহিত্য ন্যাসৰ সচিব হৃষীকেশ গোস্বামীয়ে। গুৱাহাটী, যোৰহাট, শিৱসাগৰ আৰু মৰাণৰ ৪২ খন গ্ৰন্থ বিপনীয়ে মৰাণ গ্ৰন্থমেলাত অংশ গ্ৰহণ কৰিছে।

শনিবাৰৰ উদ্বোধনী অনুষ্ঠানত মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, মৰাণ ৰাজহ চক্ৰ বিষয়া গীতাশ্ৰী লাচিত, মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিৰঞ্জীৎ ভট্টাচাৰ্য আৰু মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ৰাজীৱ বৰা উপস্থিত থাকে।

উদযাপন সমিতিৰ সভাপতি নৃপেন বৰুৱাই জানিবলৈ দিয়া মতে, প্ৰত্যেক দিনাই ছাত্ৰ-ছাত্ৰী উপকৃত হ'ব পৰাকৈ বিভিন্ন শৈক্ষিক প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে কেইবাখনো আলোচনা চক্ৰ অনুষ্ঠিত হ'ব গ্ৰন্থমেলাত। বিধায়ক চক্ৰধৰ গগৈয়ে গ্ৰন্থৰ প্ৰতি আমাৰ সমাজৰ সকলো লোকে মনোযোগ দিব লাগে বুলি কৈ গ্ৰন্থৰ উপকাৰিতা সম্বন্ধে শিশুসকলক শিকাব লাগে মন্তব্য কৰে। উল্লেখ্য যে, গ্ৰন্থমেলাৰ প্ৰথম দিনা বহু গ্ৰন্থপ্ৰেমীয়ে গ্ৰন্থৰ বিপনীত ভিৰ কৰা পৰিলক্ষিত হয়।