জামুগুৰিহাটত ছাগলী চোৰৰ সন্দেহত উত্তপ্ত পৰিস্থিতি

জামুগুৰিহাটত ছাগলী চোৰৰ সন্দেহত উত্তপ্ত  পৰিস্থিতি

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ যোৱা এমাহৰো অধিক দিন ধৰি বৃহত্তৰ জামুগুৰিহাট অঞ্চলৰ বিভিন্ন প্ৰান্তত ছাগলী চোৰে ৰাইজৰ নিদ্ৰা হৰণ কৰি থকাৰ সময়তে বুধবাৰে দিনৰ ভাগত অঞ্চলটোৰ ধলাইবিলৰ বগাবিল বৰমতা গাঁৱত তামোল কিনিবলৈ অহা চাৰিটাকৈ ক্ষুদ্ৰ ব্যৱসায়িক ছাগলী চোৰ বুলি ধৰি স্থানীয় একাংশ ৰাইজে সন্দেহ কৰি উত্তেজিত হৈ উত্তম মাধ্যম শোধাই জামুগুৰি আৰক্ষীক চমজাই দিয়ে৷

স্থানীয় সচেতন লোকসকলৰ পৰা জানিব পৰা মতে বুধবাৰে পুৱা চাৰিখনকৈ বাইকত অহা লোককেইজনে বগাবিল বৰমতা গাঁওৰ ভিতৰত তামোল কিনিবলৈ বুলি প্ৰৱেশ কৰিছিল ৷ কিন্তু লগত লৈ অহা মোনা দেখি একাংশ লোকে ছাগলী চোৰ বুলি সন্দেহ কৰি হুলস্থূল কৰে৷ তেনেসময়তে হুলস্থূল শুনি একাংশ ৰাইজ ওলাই আহি তামোল বেপাৰী যুৱক চাৰিজনক ছাগলী চোৰ বুলি ধৰি উত্তম মাধ্যম সোধাই এডাল গছত বান্ধি থয়।

ইয়াৰ পিছতে স্থানীয় ৰাইজে বিষয়টো গাঁওৰক্ষী বাহিনীক অৱগত কৰে৷ গাঁওৰক্ষী বাহিনীৰ লোকে পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখি জামুগুৰি আৰক্ষী থানাত খবৰ দিয়াত ততাতৈয়াকৈ ঘটনাস্থলীত জামুগুৰি আৰক্ষীৰ দল উপস্থিত হৈ যুৱক কেইজনক উদ্ধাৰৰ প্ৰচেষ্টা চলায় যদিও একাংশ উত্তেজিত লোকে পুনৰ যুৱক কেইজনক প্ৰহাৰ কৰিবলৈ উদ্যত হোৱাত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ।

উপায়হীন হৈ আৰক্ষীয়ে উত্তেজিত লোকসকলক ছত্ৰভংগ দিয়াৰ স্বাৰ্থত শূণ্যলৈ গুলি চালনা কৰিবলৈও বাধ্য হয় ৷ আৰক্ষীৰ গুলিৰ শব্দ শুনাৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণ হয় ৷ আৰক্ষীয়ে আহত তামোল বেপাৰী যুৱক কেইজনক উদ্ধাৰ কৰি নি উত্তৰ জামুগুৰি গ্ৰাম্য চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি জামুগুৰি আৰক্ষী থানালৈ নি তদন্ত অব্যাহত ৰাখাৰ অন্ততহে সমগ্ৰ ঘটনা পোহৰলৈ আহে।অৰ্থাৎ চৰিওজন যুৱক নিৰ্দোষী বুলি প্ৰতিপন্ন হয় ৷ আৰক্ষীৰ মতে সন্দেহৰ বশবৰ্ত্তী হৈ গাওঁখনৰ ৰাইজে ভূলবশত যুৱককেইজনৰ ওপৰত অনাহকত শাৰিৰীক ভাৱে আক্ৰমণ কৰিলে ৷

জানিব পৰা মতে ৰাইজৰ হাতত কৰায়ত্ব হোৱা যুৱক কেইজন হ'ল তেজপুৰ বৰঘাটৰ শিঙিতলিৰ ৰাফিকুল ইছলাম, হুছেইন আলি , আব্দুল খালেক আৰু হজৰত আলি।বিয়লি দুয়োপক্ষৰ মতামত আৰু তদন্তৰ অন্তত তেওঁলোক তামোলৰ ক্ষুদ্ৰ ব্যৱসায়ী বুলি প্ৰমাণ হোৱাত একাংশ লোকৰ ভূল বুজাবুজিৰ বাবেই এনে এক অবাঞ্চিত ঘটনা সংঘটিত হোৱাতো নিশ্চিত হয় যদিও সন্দেহবশত এইদৰে চোৰ বুলি মৰেল পুলিচগিৰী দেখুৱাই হকে বিহকে ক্ষুদ্ৰ তামোল ব্যৱসায়ী কেইজনক আক্ৰমণ কৰি ছাগলী চোৰ সজোৱা লোকসকলৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব৷

জামুগুৰিহাটত ছাগলী চোৰৰ সন্দেহত উত্তপ্ত  পৰিস্থিতি
মেট্ৰিক পৰীক্ষাৰ্থীক মহাপুৰুষীয়া সত্ৰ সমাজৰ শিক্ষণ সামগ্ৰী প্ৰদান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in