/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/monk.jpg)
ডিজিটেল সংবাদ, তিনিচুকীয়া:– তিনিচুকীয়া জিলাৰ হলৌৰ বিচৰণথলীখ্যাত বৃহত্তৰ বাৰেকুৰিত পুনৰ এটি ১৪ বছৰীয়া হলৌৰ মৃত্যুৰ বাতৰি পোৱা গৈছে ৷ উল্লেখ্য যে বৃহত্তৰ বাৰেকুৰি অঞ্চলত কেইবাটাও পৰিয়ালত বিভক্ত হৈ বিচৰণ কৰি থকা মুঠ ১৯ টা হলৌৰ মাজৰে এটাৰ মৃত্যু হোৱাত ১৮ টালৈ হ্ৰাস পালে দুষ্প্ৰাপ্য হলৌ ।
ইয়াকে লৈ বাৰেকুৰিবাসীয়ে শোকপ্ৰকাশ কৰিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱাৰভাগত স্থানীয় লোকে বাৰেকুৰিৰ যজ্ঞোখোৱা গাঁৱত মৃত অৱস্থাত মতা হলৌটো উদ্ধাৰ কৰে । শৰীৰত আঘাতৰ চিন স্পষ্ট থকা হলৌটো অন্য পৰিয়ালৰ হলৌৰ লগত সংঘাতত লিপ্ত হৈ মৃত্যু হোৱা বুলি আশংকা কৰিছে স্থানীয় ৰাইজ আৰু বন বিভাগৰ লোকে। এইসন্দৰ্ভত পৰিবেশকৰ্মী দিপ্লৱ চেতিয়াই জানিব দিয়া অনুসৰি আজি পুৱা পৰ্যন্ত আঘাতপ্ৰাপ্ত হলৌটো জীৱিত অৱস্থাত আছিল ।
চিকিৎসাৰ কাৰণে প্ৰস্তুতি চলাই থকাৰ সময়তে মৃত্যু হয় হলৌটোৰ ৷ মৃত হলৌটোৰ মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰাই বন বিভাগৰ উপস্থিতিত সৎকাৰ কৰে স্থানীয় ৰাইজে ৷ উল্লেখনীয় যে, বিলুপ্তিৰ দিশত থকা হলৌবান্দৰৰ কাৰণে বাৰেকুুুুৰি অঞ্চলটো সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু যদিও চৰকাৰ তথা পৰ্যটন বিভাগে এইক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহন নকৰাৰ ফলত ইটোৰ পিছত সিটো হলৌৰ মৃত্যু হোৱা বুলি অভিযোগ উঠিছে ।
আৰু পঢ়ক: বেডমিণ্টত পুনৰ আহিল স্বৰ্ণ পদকঃ এইবাৰ লক্ষ্য সেনে গৌৰৱাম্বিত কৰিলে ভাৰতক…