অসম সাহিত্য সম্পাদক, সাংবাদিক দীপেন্দ্ৰ নাৰায়ন কোঁৱৰৰ অকাল মৃত্যু…

অসম সাহিত্য সম্পাদক, সাংবাদিক দীপেন্দ্ৰ নাৰায়ন কোঁৱৰৰ অকাল মৃত্যু…

author-image
asomiyapratidin
New Update
অসম সাহিত্য সম্পাদক, সাংবাদিক দীপেন্দ্ৰ নাৰায়ন কোঁৱৰৰ অকাল মৃত্যু…

ডিজিটেল সংবাদ,মঙলদৈঃ অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক তথা দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন কেন্দ্ৰীয় নেতা, বিশিষ্ট চিন্তাবিদ, লেখক, সু সাহিত্যিক, সাংবাদিক দীপেন্দ্ৰ নাৰায়ণ কোঁৱৰ (৫৭)ৰ শুক্ৰবাৰে পুৱা ৫ বজাত চিকিৎসাধীন অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অকাল মৃত্যু হয়।

Advertisment

মঙলদৈ চহৰৰ নিকটৱৰ্তী বংলাগড় কোঁৱৰপাৰা নিবাসী তথা মঙলদৈ যান্ত্ৰিক জলসিঞ্চন বিভাগৰ কৰ্মচাৰী দ্বীপেন্দ্ৰ নাৰায়ণ কোঁৱৰে 'পূৰ্ণ স্বায়ত্ব শাসন', 'জাতীয়তাবাদৰ ভিত্তিত সাম্যবাদ', 'অসম সাহিত্য সভাঃ বিতৰ্ক নিৰপেক্ষ হওঁঁক', 'দ্বি-নাগৰিকত্ব আৰু অসমৰ বিদেশী সমস্যা', 'কোচ-কমতাৰ ইতিকথা', 'কোচ ৰাজ্যত শ্ৰীমন্ত শংকৰদেৱ', 'তেজপিয়া', 'ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী' আদিকে ধৰি তেইশখনকৈ গ্ৰন্থৰ প্ৰণয়ন কৰি অসমীয়া সাহিত্যৰ ভড়াল টনকিয়াল কৰি থৈ গৈছে।

এগৰাকী জাতীয়তাবাদী চিন্তাৰ লেখক হিচাপে পৰিচিত সদ্য প্ৰয়াত কোঁৱৰ ২০১৩-১৫ বৰ্ষত দৰং জিলা সাহিত্য সভাৰ সম্পাদক, সংবাদ সাহিত্য চ'ৰাৰ প্ৰতিষ্ঠাপক সম্পাদক, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন গ্ৰন্থাগাৰীক, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিভিন্ন পদ অলংকৃত কৰি পিছলৈ উপদেষ্টা, শ্বহীদ মোজাম্মিল হক স্মৃতি ৰক্ষা সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক, দৈনিক অগ্ৰদূত, এদিনৰ সংবাদ, সাপ্তাহিক মঙ্গল বাতৰি, সাপ্তাহিক মুক্ত কণ্ঠ আদি বাতৰি কাকতৰ সংবাদদাতা তথা সম্পাদক হিচাপে সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰি সমাদৃত হৈছিল।

অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ বৰ্তমান সম্পাদকৰ পদত অধিস্থিত হৈ থকা কোঁৱৰৰ মৃত্যুত সমগ্ৰ ৰাজ্যখনতে শোকৰ ছাঁ পৰিছে । শুক্ৰবাৰে ৰাতিপুৱা কোঁৱৰৰ নশ্বৰদেহ চিকিৎসালয়ৰ পৰা অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়লৈ নিয়া হয় আৰু তাত অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়া, প্ৰাক্তন সভাপতি ড° পৰমানন্দ ৰাজবংশীকে ধৰি অসম সাহিত্য সভাৰ বিষয়ববীয়া আৰু কৰ্মচাৰী বৃন্দই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

গুৱাহাটীৰ পৰা পোনে পোনে নিজ গৃহ মঙলৈলৈ অনাৰ পথত ছিপাঝাৰ সাহিত্য সভাই তেওঁলোকৰ কাৰ্যালয়ৰ সন্মুখত কোঁৱৰক শেষ শ্ৰদ্ধা জনায়। পিছত তেওঁৰ নশ্বৰ দেহ সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়লৈ আনি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মা, দৰং জিলা সাহিত্য সভাৰ সভাপতি শৈলেন্দ্ৰ ৰাজবংশী, উপ-সভাপতি বৰদা শইকীয়া, সম্পাদক গৌতমানন্দ গোস্বামী, সাহিত্য সংগঠক ৰাণা আলম, ডাঃ মৃন্ময় কুমাৰ নাথ, চহিৰ ভূঞা, মুকুট হাজৰিকা প্ৰমুখ্যে বিষয়ববীয়া, জিলাখনৰ প্ৰতিখন শাখা সাহিত্য সভা, ওদালগুৰি জিলা সাহিত্য সাহিত্য সভা, নলবাৰী জিলা সাহিত্য সভা, শোণিতপুৰ জিলা সাহিত্য সভা, মঙলদৈ জিলা মইনা পাৰিজাত, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক খনিন্দ্ৰ ৰাজবংশী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা অপূৰ্ব কুমাৰ ভট্টচাৰ্য, প্ৰাক্তন মন্ত্ৰী বসন্ত দাস, সাংবাদিক সংগঠন আপকুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আব্দুল খালেক, দৰং আপকুৰ সম্পাদক মকছেদ আলি, জ্যেষ্ঠ সাংবাদিক ভাৰ্গৱ কুমাৰ দাস, দৰং জিলা ছাত্র সন্থা, শ্বহীদ মোজাম্মিল হক স্মৃতি ৰক্ষা সমিতি, সদৌ মঙলদৈ ৰঙালী বিহু সন্মিলনী দৰং জিলা অ গ প, জিলা বি জে পি ,জিলা কংগ্ৰেছৰ উপৰিও জিলাখনৰ বিভিন্ন দল সংগঠন আৰু দুই শতাধিক লোকে কোঁৱৰৰ শৱদেহত শেষ শ্ৰদ্ধা জনাই শোক প্ৰকাশ কৰে ।

প্ৰয়াত কোঁৱৰৰ শৱদেহ ইয়াৰ পিছতে মঙলদৈ প্ৰেছ ক্লাৱলৈ আনি প্ৰেছ ক্লাৱৰ সভাপতি মদন চন্দ্ৰ বৰুৱা, উপ-সভাপতি মুকুট ৰাজ শৰ্মা সহ প্ৰতি গৰাকী সাংবাদিকে কোঁৱৰৰ শৱদেহত শেষ শ্ৰদ্ধা নিবেদন কৰি শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী সহ দুগৰাকী পুত্ৰ আৰু এগৰাকী কন্যা, জোৱাই নাতি সহ অসংখ্য গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়।