নিৰ্বাচনী অধিসূচনাৰ মাজতে মানকাচৰত ওলাইছে লাখে লাখে  টকা

নিৰ্বাচনী অধিসূচনাৰ মাজতে মানকাচৰত ওলাইছে লাখে লাখে টকা

ডিজিটেল সংবাদ, মানকাচাৰঃ ৰাজ্যত জাৰি হৈছে লোকসভা নিৰ্বাচনৰ অধিসূচনা। লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাচত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আৰক্ষী প্ৰশাসন তৎপৰ হৈ উঠিছে। নিৰ্বাচনী অধিসূচনাৰ মাজত মানকাচৰত লাখে লাখে ওলাই আছে টকা। দক্ষিণ শালমাৰাৰ কলাবাৰীত এজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছেে ৫,৩২,৫০০ টকা। ছৰিফুল ইছলাম নামৰ যুৱকজনৰ পৰা নাকা চেকিঙৰ জৰিয়তে দক্ষিণ শালমাৰা আৰক্ষীয়ে জব্দ কৰে ধনখিনি।

ছৰিফুল ইছলাম গোৱালপাৰা জিলাৰ বাসিন্ধা। মটৰ চাইকেল এখনেৰে দক্ষিণ শালমাৰাত প্ৰৱেশ কৰাৰ সময়ত আৰক্ষীয়ে ধন খিনি জব্দ কৰিছে। দেওবাৰেও দক্ষিণ শালমাৰা আৰক্ষীয়ে একেটা স্থানৰ পৰা ১,৬০,০০০ টকা জব্দ কৰিছিল।

ইয়াৰোপৰি মানকাচৰৰ মিৰজুমালাতো মানকাচৰ আৰক্ষীয়ে জব্দ কৰিছে ২,৪৪,০০০ টকা। নিৰ্বাচনী বিধি উলংঘা কৰি ধন খিনি অবৈধ ভাৱে অনা হৈছিল মানকাচৰ সমষ্টিত। ধন খিনিৰ উপযুক্ত প্ৰমাণ দিব নোৱাৰাৰ বাবে জব্দ কৰিছে আৰক্ষীয়ে।

উল্লেখযোগ্য যে নিৰ্বাচনী বিধি অনুসৰি নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পাচত কোনো লোকে একেলগে ৫০ হেজাৰতকৈ অধিক টকা অনা-নিয়া কৰিব নোৱাৰে। অৱশ্য জিলা প্ৰশাসনৰ পৰা অনুমতি পালে ৫০ হেজাৰতকৈ অধিক টকা অনা-নিয়া কৰিব পাৰিব বুলি জানিব পৰা গৈছে।

নিৰ্বাচনী অধিসূচনাৰ মাজতে মানকাচৰত ওলাইছে লাখে লাখে  টকা
লাইনচ্যুত হৈ বাগৰি পৰিল মালবাহী ৰে’ল
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in