দোকান গৃহ দিয়াৰ নামত ধনৰ লেনদেনৰ অভিযোগ

নতুন গৃহত পুৰনি ব্যৱসায়ী সকলক পুনৰ কোঠালী দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু গৃহৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত ধনৰ লেনদেন কৰি আন নতুন ব্যক্তিক কোঠালী দিয়ে। ইফালে দৰিদ্ৰ ব্যৱসায়ী ৰঘুনাথ বৰ্মনক কোনো কোঠালী নিদিয়াৰ অভিযোগ উঠিছে

author-image
Asomiya Pratidin
New Update
ষড়যন্ত্ৰৰ অভিযোগ

ষড়যন্ত্ৰৰ অভিযোগ

ডিজিটেল সংবাদ, বিলাসীপাৰা: বিলাসীপাৰা পৌৰসভাৰ সভানেত্ৰী আৰু বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে গভীৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ। বিলাসীপাৰা পৌৰসভাৰ অধীনস্থ মাছ বজাৰৰ এটা গৃহত বিগত ৩৫ বছৰ ধৰি শুকান মাছৰ ব্যৱসায় কৰি আহিছিল ৰঘুনাথ বৰ্মন নামৰ এজন লোকে। শেহতীয়াকৈ পৌৰসভাই সেই পুৰনি ঘৰ ভাঙি নতুন গৃহ নিৰ্মাণৰ বাবে ২০১৪ চনৰ ১৫ জুলাইত বিভাগীয় জাননীযোগে ব্যৱসায়ী সকলক উচ্ছেদ কৰিছিল। নতুন গৃহত পুৰনি ব্যৱসায়ী সকলক পুনৰ কোঠালী দিয়াৰ প্ৰতিশ্ৰুতিও দিছিল। কিন্তু গৃহৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত ধনৰ লেনদেন কৰি আন নতুন ব্যক্তিক কোঠালী দিয়ে। ইফালে দৰিদ্ৰ ব্যৱসায়ী ৰঘুনাথ বৰ্মনক কোনো কোঠালী নিদিয়াৰ অভিযোগ উঠিছে |

Advertisment

ইফালে পূৰ্বৰ কোঠালীৰ মাহেলী ভাড়া ৰঘুনাথ বৰ্মনে পৌৰসভাক দি আহিছে যদিও দোকান বাবে কোনো কোঠালী দিয়া নাই। সম্প্ৰতি ফুটপাথতে বহু কষ্টৰে নিজৰ ব্যৱসায় কৰি ৰঘুনাথে পৰিয়াল পোহপাল দি অহা বুলি জানিব পৰা গৈছে। এই ক্ষেত্ৰত পৌৰ সভাত বহুবাৰ আবেদন নিবেদন কৰিও কোনো সহাঁৰি নোপোৱাৰ অভিযোগ দৰিদ্ৰ ব্যৱসায়ী জনৰ। ইয়াৰ পিছতো সংশ্লিষ্ট কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ নকৰিলে আইনৰ আশ্ৰয় লব বুলিও সকিয়াই দিয়ে ব্যাৱসায়ী জনে।

বিলাসীপাৰা