/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/5c46ed07-9a36-459d-a6e7-47025be6bc98/sdx.jpg)
ডিজিটেল ডেস্কঃ ডিফুৰ দলদলিত অস্ত্রধাৰী ব্যক্তিৰ ধনদাবীৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। হাতত বন্দুক লৈ ৭ ৰ পৰা ৮ লাখ টকাকৈ ধনদাবী বহুলোকক। ইয়াৰ পাছতে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত জানিব পাৰি তদন্ত আৰম্ভ কৰিছিল।
প্ৰথম অৱস্থাত ১ আগষ্টত আৰক্ষীয়ে এজনলোকক আটক কৰে। তেওঁৰ ভাষ্যৰ ভিত্তিত পৰৱৰ্তী সময়ক আন ৩ জনলোকক আটক কৰে আৰক্ষীয়ে। অবাচন দাওলাগফু ওৰফে জগ্গু, ছাফা ছৰংফংছা আৰু বিজু গৌড়ক আটক কৰিছে আৰক্ষীয়ে। লগতে লোককেইজনৰ ঘৰত তালাচী চলাই জব্দ কৰিছে ১টা SBBL বন্দুক, কেমফ্লেজ জেকেট, ৪টা মোবাইল, এখন মাৰুতি গাড়ী আৰু এখন মটৰ চাইকেল ।
কোনো উগ্রপন্থী সংগঠনৰে জড়িত থকাৰ সন্দেহ লোককেইজন। অধিক তথ্যৰ বাবে আৰক্ষীৰ মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
Also Read: ৰাইজৰ খবৰ ল'বলৈ সময় নাই মন্ত্ৰী অতুল বৰাৰ, নিজ সমষ্টিৰে পথৰ দুৰৱস্থা