এটা কোমোৰাক লৈ মন্দিয়াত দুই পক্ষৰ কাজিয়া, কোমোৰা গৈ পালে লকআপত...

এটা দিন থানাৰ লকআপত ৰখাৰ পিছত আজি মুকলি কৰি দিয়া হয় কেমোৰাটোক
borpeta
borpeta

প্ৰতিদিন সংবাদ, বৰপেটা :- এখন কাজিয়া ৷ পিচে এই কাজিয়া অন্য কাজিয়াতকৈ অলপ পৃথক ৷ সাধাৰণতে কোনো অঞ্চলত দুই পক্ষৰ মাজত কাজিয়া হ'লে , অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হয় ৷ কিন্তু এইখন কাজিয়াই এটা বৃহৎ অঞ্চলজুৰি সৃষ্টি কৰিছে হাস্যৰসৰ ৷

কিয়নো কাজিয়খনক কেন্দ্ৰ কৰি এটা কোমোৰা গৈ পালে থানাৰ লকআপত ৷ এটা দিন থানাৰ লকআপত ৰখাৰ পিছত আজি মুকলি কৰি দিয়া হয় কেমোৰাটোক ৷ এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ মন্দিয়াত ৷

জানিব পৰা মতে, বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মন্দিয়াৰ হিন্দু বসতি প্ৰধান পুৰণি বস্তিত থকা এখন ৰাজহুৱা শ্মশানত এডাল কোমোৰা গছ হৈছিল ৷ উক্ত গছডালত লাগিছিল এটা কোমোৰা ৷ পিছে কোমোৰাটো ডাঙৰ হোৱাত নিজে নিজে সৰি পৰিছিল ৷

এই সৰি পৰা কোমোৰাটোক বৃহস্পতিবাৰে গাঁৱখনৰ এগৰাকী মহিলাই লৈ গৈছিল ঘৰলৈ ৷ কোমোৰাটো নিয়া প্ৰত্যক্ষ কৰিছিল আন এগৰাকী মহিলাই ৷ এই মহিলা গৰাকীয়ে কোমোৰা নিয়া মহিলা গৰাকীক চুৰুণী বুলি কোৱাত কাজিয়াৰ সূত্ৰপাত হয় ৷ প্ৰথম অৱস্থাত মহিলা দুগৰাকীৰ মাজত কাজিয়া হয় যদিও কাজিয়াখনত জড়িত হৈ পৰে গাঁৱখনৰ প্ৰায় সংখ্যক লোক ৷

কাজিয়াত জড়িত হৈ পৰা মানুহখিনি দুভাগত বিভক্ত হৈ দুয়োগৰাকী মহিলাৰ পক্ষ লোৱাত কাজিয়াখন ক্ৰমাৎ বৃহৎ ৰূপ লয় ৷ পিছত স্থানীয় সচেতন একাংশ লোকে আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গোটেই বিষয়টো তদন্ত কৰাৰ পিছত কাজিয়াখন নিয়ন্ত্ৰণ কৰাৰ লগতে গাঁৱৰ মানুহৰ সৈতে আলোচনা কৰি কোমোৰাটো থানালৈ লৈ আহে আৰু ৰাতি কোমোৰাটো থানাৰ লকআপত ৰাখে ৷

আজি বিয়লি আৰক্ষীয়ে কোমোৰাটো স্থানীয় ৰাইজৰ হাতত অৰ্পণ কৰে আৰু বিষয়টো স্থানীয়ভাৱে সমাধান কৰিবলৈ পৰামৰ্শ দিয়ে ৷ ইতিমধ্যে স্থানীয় ৰাইজে কোমোৰাটো গাঁৱখনৰ এটা মন্দিৰত ৰাখি থয় আৰু এখন ৰাজহুৱা সভা আহ্বান কৰে ৷

সভাৰ সিদ্ধান্ত অনুসৰি, কাজিয়াত জড়িত দুয়োপক্ষকে মুঠ ৬০ হাজাৰ টকা জৰিমনা বিহা হৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in