ছাত্ৰীৰ শালীনতা হানিৰ অপচেষ্টা! লিডু মহাবিদ্যালয়ৰ অধ্যাপকৰ বিৰুদ্ধে প্ৰতিবাদ…

ছাত্ৰীৰ শালীনতা হানিৰ অপচেষ্টা! লিডু মহাবিদ্যালয়ৰ অধ্যাপকৰ বিৰুদ্ধে প্ৰতিবাদ…

author-image
asomiyapratidin
New Update
ছাত্ৰীৰ শালীনতা হানিৰ অপচেষ্টা! লিডু মহাবিদ্যালয়ৰ অধ্যাপকৰ বিৰুদ্ধে প্ৰতিবাদ…

ডিজিটেল সংবাদ,মাৰ্ঘেৰিটা: ধেমালিৰ চলেৰে ছাত্ৰীৰ শালীনতা হানিৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে লিডু মহাবিদ্যালয়ৰ অধ্যাপক প্ৰবিৰজ্যোতি বড়াৰ বিৰুদ্ধে।

Advertisment

অভিযোগ অনুসৰি সোমবাৰে লিডু মহাবিদ্যালয়ৰ অধ্যাপক প্ৰবিৰজ্যোতি বড়াই এগৰাকী ছাত্ৰীক ধেমালিৰ চলেৰে ছাত্ৰীৰ শালীনতা হানিৰ চেষ্টা খবৰ বিয়পি পৰা লগে লগে কয়লা নগৰী লিডুৰ উচ্চ শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠানখনত ছাত্ৰ ছাত্ৰী সকলৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু গৌৰ্খা ছাত্ৰ সন্থাৰ নেতৃত্বই লম্পট অধ্যাপকজনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

পৰিস্থিতি উত্তপ্ত হোৱাৰ মহাবিদ্যালখনত আৰক্ষী তথা অৰ্ধ সামৰিক বাহিনৰ জোৱানক মোতোয়ন কৰিব লগা হয়। লিডু মহাবিদ্যালয়ৰ ঐতিহ্যক কালিমা সনাৰ লগতে শিক্ষাগুৰুৱে ছাত্ৰীৰ শালীনতা হানিৰ বিৰুদ্ধে সৰৱ হৈ পৰা ছাত্ৰ ছাত্ৰী সকলৰ লগতে ছাত্ৰ মুক্তি তথা গোৰ্খা ছাত্ৰ সন্থাই অধ্যাপক জনক তাৎক্ষণিক ভাৱে নিলম্বনৰ দাবী উত্থাপন কৰি মহাবিদ্যালয়ৰ চৌহদ উত্তাল কৰি তুলে।

পুৱাৰ পৰা সন্ধিয়ালৈকে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদত সেও মানী লিডু মহাবিদ্যলয়ৰ কৰ্তপক্ষই অধ্যাপক বড়াৰ বিৰুদ্ধে সম্পূন্ন তদন্ত নোহোৱা পৰ্য্যন্ত নিলম্বিত কৰা সন্দৰ্ভত উৰ্ধতন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হৈছে বুলি লিখিত ঘোষণা প্ৰদান কৰে যদিও ছাত্ৰ ছাত্ৰী সকলে শিক্ষক গৰাকীয়ে ছাত্ৰ ছাত্ৰীৰ সন্মুখত ক্ষেমা নুখোজা পৰ্য্যন্ত প্ৰতিবাদ অব্যাহত ৰখাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে।

অৱশেষত অভিযুক্ত প্ৰবিৰজ্যোতি বড়াই ছাত্ৰ ছাত্ৰীৰ সন্মুখত ৰাজহুৱা ভাবে ক্ষেমা খোজাত পৰিস্থিতি কিছু পৰিমাণে শান্ত হৈ যদিওঁ ইতিমধ্যে সমগ্ৰ ঘটনাৰ পুংখানুপুংখ ভাবে তদন্ত কৰি ছাত্ৰী গৰাকী ন্যায় দিয়াৰ লগতে অভিযুক্ত বড়াৰ বিৰুদ্ধে যদি দোষ প্ৰমান হয় লিডু মহাবিদ্যালয় পৰা সম্পূৰ্ণ নিলম্বন কৰাৰ দাবী জনাই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মাৰ্ঘেৰিটা আৰক্ষীৰ লগতে মহাবিদ্যালয় কৰ্তপক্ষক দাবী জনোৱাৰ লগতে ভুক্তভোগী ছাত্ৰী গৰাকী ন্যায় বিচাৰি মাৰ্ঘেৰিটা আৰক্ষীক এজাহ দাখিল কৰিছে।

অন্যহাতে ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতি পাপু দত্তই সমগ্ৰ বিষয়টো দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে পৱিত্ৰ লিডু মহাবিদ্যালয়ৰ গৰিমাক কালিমা হানিবলৈ চেষ্টা কৰা এনে ঘটনাৰ এক উচ্চ পৰ্য্যায়ৰ তদন্ত দাবী জনোৱাৰ লগতে লিডু মহাবিদ্যালয়ৰ অধ্যক্ষ তথা পৰিচালন সমিতি খনে অধ্যাপকজনৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ বিৰুদ্ধে কিয় তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰ নহ'ল বুলিও প্ৰশ্ন উত্থাপন কৰিছে। সমগ্ৰ ঘটনাই লিডু অঞ্চলত চেপা উত্তেজনা বৰ্তমানেও বিৰাজ কৰি আছে।

আৰু পঢ়ক: পদপথ বেদখলৰ প্ৰতিবাদত যুৱ ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ প্ৰদান…

assam MARGHERITA