মৈৰাবাৰীৰ মোৱামাৰিত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কালৰূপ, নিশাৰ ভিতৰতে খহাই নিলে ঘৰ…

মৈৰাবাৰীৰ মোৱামাৰিত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কালৰূপ, নিশাৰ ভিতৰতে খহাই নিলে ঘৰ…

author-image
asomiyapratidin
New Update
মৈৰাবাৰীৰ মোৱামাৰিত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কালৰূপ, নিশাৰ ভিতৰতে খহাই নিলে ঘৰ…

প্ৰতিদিন ডিজিটেল ডেস্ক, মৈৰাবাৰী: ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ৰোধ কৰিবলৈ বিভাগীয় কর্তৃপক্ষই দিন ৰাতি একাকাৰ কৰি মাথাউৰি নিৰ্মানেৰে বান্ধৰ কাম কৰি আহিছে যদিও সফল হ'ব পৰা নাই। বিগত দুমাহ ধৰি মৈৰাবাৰীৰ মোৱামাৰিত বানৰ গৰাখহনীয়াই ধাৰণ কৰি আহিছে কালৰূপ । গৃহহীন হোৱাৰ শংকাত ভূগিছে একাংশ বানপীড়িত ৰাইজ। বৃহস্পতিবাৰে নিশা মাথাউৰিত আশ্ৰয় লোৱা বানাক্ৰান্ত লোকসকলৰ মাজত সৃষ্টি হয় এক আতংকময় পৰিস্থিতিৰ।

Advertisment

নিশাৰ ভিতৰতে খহনীয়াই খহাই নিলে এশ মিটাৰতকৈ অধিক কৃষিভূমিৰ লগতে বহুতৰ ঘৰ দুৱাৰ। যিকোনো মুহূৰ্ততে শিলঘাট-মৈৰাবাৰী সংযোগী মাথাউৰি খহাই নিয়াৰ শংকাত ভুগিছে স্থানীয় ৰাইজে। উল্লেখ যে মাথাউৰিৰ ওপৰত আশ্ৰয় লোৱা বহু কেইখন পৰিয়ালে ইতিমধ্যে ঢাপলি মেলিছে নিজৰ সপোনৰ ঘৰ খন এৰি আশ্ৰয় বিচাৰি বেলেগ বেলেগ ঠাইলৈ। মুৱামাৰিত গৰাখহনীয়াৰ স্থায়ী সমাধান বিচাৰি অসমৰ মুখ্যমন্ত্ৰী তথা জলসম্পদ মন্ত্ৰী পীযুছ হাজৰিকাৰ হস্তক্ষেপৰ দাবী অঞ্চলটোৰ বানপীড়িত ৰাইজৰ।

আৰু পঢ়ক : ওৰাঙৰ দুজনকৈ লোক সন্ধানহীন…

assam Assam police himanta biswa sarma flood bjp