মইনবড়ী সত্ৰত চুৰিকাণ্ড: ৫০০ বছৰীয়া স্মৃতি বিজৰিত বহু সামগ্ৰী আৰু সাঁচিপতীয়া পুথি লুট

মইনবড়ী সত্ৰত চুৰিকাণ্ড:  ৫০০ বছৰীয়া স্মৃতি বিজৰিত বহু সামগ্ৰী আৰু সাঁচিপতীয়া পুথি লুট
Published on
Updated on

ডিজিটেল ডেস্কঃ বৰপেটাৰ সৰভোগৰ মইনবড়ী সত্ৰত চুৰি কাণ্ড। কীৰ্তনঘৰৰ ভিতৰত থকা ৪০০ বছৰীয়া হনুমান মূৰ্তিৰ মূৰ ফালি তাণ্ডৱ চলােৱাৰ উপৰিও ৪০০ বছৰীয়া গৰুড় পক্ষীৰ মূৰ্তি, গুৰু আসন, পদশিলাৰ দৰে পবিত্ৰ সেৱাৰ সামগ্ৰী সমূহ লণ্ড ভণ্ড কৰে চোৰে ।

 নাৰায়ণ দাস ঠাকুৰ আতাই প্ৰতিষ্ঠা কৰা সত্ৰখনৰ তলা ভাঙি চোৰ সোমাই ৫০০ বছৰীয়া স্মৃতি বিজৰিত বহু সামগ্ৰী আৰু সাঁচিপতীয়া পুথি লুট কৰি নিয়ে ৷

 বুধবাৰে নিশা সংঘটিত এই চুৰিৰ ঘটনাক লৈ বৰপেটা সৰভোগত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ সত্ৰৰ সত্ৰাধিকাৰৰ পুত্ৰ মহানন্দ অধিকাৰীয়ে জনোৱা মতে, চোৰে  ৰাধা কৃষ্ণৰ ২টা সোনৰ মূৰ্তি, বাঁহী, মুকুট আৰু ৪ডাল সোনৰ হাৰ চুৰি কৰি নিয়ে ৷

 প্ৰায় ৪৫০ বছৰ পুৰনি মূৰ্তি দুটাৰ মূল্য প্ৰায় ২০ লক্ষাধিক টকা হ'ব বুলি জানিব পৰা গৈছে । একেদৰে সত্ৰত ব্যৱহৃত লক্ষাধিক টকা মূল্যৰ  ৩খন ডাঙৰ বটা, ৮খন শৰাই, তাল ৫ জোৰ, বৰকাহঁ এজোৰো চোৰে চুৰি কৰি নিয়ে ৷

চুৰি কৰি নিয়া সামগ্ৰী সমূহৰ ভিতৰত এযোৰ ৫০০ বছৰীয়া মঞ্জিৰা তাল, প্ৰায় ৫০০ বছৰীয়া এখন শৰাই, ১০ কেজি আৰু আঢ়ৈ কেজি ওজনৰ ২ টা ঘন্তা, কাহৰ ভিংগাৰ ২ টা, তামৰ ঘটি ২ টা, ৫০০ বছৰীয়া ২টা কলহ, পিতলৰ চৰিয়া ৪ টা, লোটা, নিৰ্মালী প্ৰদানত ব্যৱহৃত সামগ্ৰীৰ সৈতে প্ৰায় ৫০০ বছৰীয়া শংখ এটাও লুট কৰি নিয়ে ৷

 চোৰে সত্ৰখনত থকা লোৰ আলমাৰীৰ তলা ভাঙি তাত থকা চাৰিটা সোন-ৰূপৰ ফুল, নগদ ধন ১০,৪০০ টকাও লুটি নিয়ে। আনহাতে সত্ৰৰ প্ৰসংগত ব্যৱহৃত মাইক চেট এটাও চুৰি কৰি লৈ যায় ।

 লক্ষ্যণীয়ভাৱে সত্ৰত থকা ৪খন মূল্যবান সাচিপতীয়া পুথি চুৰি কৰি নিয়ে ৷ ঐতিহাসিক সত্ৰখনত সংঘটিত এই চুৰিৰ ঘটনাত সত্ৰাধিকাৰৰ পৰিয়ালটোৰ লগতে অঞ্চলটোত ৰাইজক মৰ্মাহত কৰি তুলিছে ৷উল্লেখ্য যে, মইনবড়ীত ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যোৱা সত্ৰখন ২০০৫ চনত সৰভোগৰ চন্তাবাৰীলৈ স্থানান্তৰিত কৰা হৈছিল ৷

মইনবড়ী সত্ৰত চুৰিকাণ্ড:  ৫০০ বছৰীয়া স্মৃতি বিজৰিত বহু সামগ্ৰী আৰু সাঁচিপতীয়া পুথি লুট
জামুগুৰিহাটৰ পাতলৰচুক গাঁৱৰ ২৬৮ সংখ্যক বোকাখেচা ভাওনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in