জামুগুৰিহাটৰ পাতলৰচুক গাঁৱৰ ২৬৮ সংখ্যক বোকাখেচা ভাওনা

দুদিনীয়া বিস্তৃত কাৰ্যসুচীৰে অনুষ্ঠিত হোৱা ২৬৮ সংখ্যক শ্ৰীকৃষ্ণ জন্মাষ্টমী আৰু বোকাখেচা ভাওনাৰ বৃহস্পতিবাৰে সন্ধ্যা সমাপ্তি ঘটে ৷

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ পাতলৰচুক গাঁৱৰ ২৬৮ সংখ্যক বোকাখেচা ভাওনা

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত পাতলৰচুক গাঁৱত দুদিনীয়া বিস্তৃত কাৰ্যসুচীৰে অনুষ্ঠিত হোৱা ২৬৮ সংখ্যক শ্ৰীকৃষ্ণ জন্মাষ্টমী আৰু বোকাখেচা ভাওনাৰ বৃহস্পতিবাৰে সন্ধ্যা সমাপ্তি ঘটে ৷ বুধবাৰে পুৱাৰে পৰাই সমবেত ভক্তপ্ৰাণ ৰাইজে শৰাই শলিতা নৈবদ্য আগবঢ়াই বৈকুণ্ঠপুৰি কৰি তোলে পাতলৰচুক গাঁৱৰ নামঘৰ আৰু নিশা অনুষ্ঠিত হয় “ শ্ৰীকৃষ্ণৰ জন্মযাত্ৰা ” ভাওনা ৷

পিচদিনা বিয়লি গাঁওবাসী ৰাইজে অনুষ্ঠিত কৰে বোকাখেচা ভাওনা ৷ কৃষ্ণৰ জন্মৰ পাছত আনন্দতে নন্দৰ ঘৰলৈ প্ৰজা সকলে কৃষ্ণক দৰ্শন কৰিবলৈ বুলি কৰা যাত্ৰাক প্ৰতিবছৰেই প্ৰতিকী ৰূপত ৰাইজে অনুষ্ঠিত কৰি আহিছে বোকাখেচা ভাওনা। এইবেলিও ২৬৮ সংখ্যক এই বোকাখেচা ভাওনা প্ৰত্যক্ষ কৰিবলৈ বিভিন্ন প্ৰান্তৰপৰা ভক্তপ্ৰাণ লোকৰ সোঁত বয় পাতলৰচুক নামঘৰলৈ ৷

এই ভাওনাত বোকা খেচি সকলোৱে কৃষ্ণ জন্মৰ আনন্দত মতলীয়া হৈ পৰে আৰু পৰৱৰ্তী সময়ত ভাওনাৰ বোকা লবলৈ হেতা ওপৰা লাগে ভক্তপ্ৰাণ ৰাইজৰ ৷ ৰাইজৰ বিশ্বাস এই বোকা তথা পংক শিৰত ললে মনোবাঞ্ছা পুৰণ হয়৷ সেয়ে পৰিয়ালৰ প্ৰতিজন সদস্যলৈ সযতনে বান্ধি লৈ যায় এই বোকা ৷

পাতলৰচুক গাওঁবাসীয়ে দুটা দিন উপবাসে থাকি অনুষ্ঠিত কৰে এই ভাওনা ৷ এই ভাওনা অনুষ্ঠিত নকৰিলে নানা অপায় অমঙ্গলে দেখা দিয়ে বুলি ৰাইজৰ বিশ্বাস ৷ গাওঁখনৰ দুই মূৰত থকা দুজোপা আহঁত গছত যমডাকিনী চৰাইয়ে চিঞঁৰে বুলিও ৰাইজৰ বিশ্বাস ৷

Also Read: ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ আজি ৯৭ সংখ্যক ওপজা দিন