/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/cebbd5ab-23ad-41e2-8244-79f55c52a75b/oioio.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: সদৌ অসম মইনা পাৰিজাতৰ ঢকুৱাখনা জিলা সমিতিৰ উদ্যোগত আৰু কঢ়াপৰিয়া মইনা পাৰিজাতৰ সহযোগত দেওবাৰে ঢকুৱাখনাত এক বাছনি শিবিৰ অনুষ্ঠিত কৰা হয় । অহা ৩১ মাৰ্চৰ পৰা ২ এপ্ৰিললৈ ধেমাজি জিলাত অনুষ্ঠিতব্য সদৌ অসম মইনা পাৰিজাতৰ প্ৰতিভা বিকাশ কৰ্মশালা আৰু ৰাজ্যিক শিশু সমাৰোহৰ বাবে ঢকুৱাখনা জিলাৰ প্ৰতিভাধৰ সকলক বাছনি কৰাৰ উদ্দেশ্যেৰে ঢকুৱাখনাৰ গোঁহাইবাৰী মজলীয়া বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত কৰা হয় এই বাছনি শিবিৰ ।
এই শিবিৰত পুৱা মইনা পাৰিজাতৰ পতাকা উত্তোলন কৰে জিলা মইনা পাৰিজাতৰ সভাপতি তবেন্দ্ৰ নাথ দাসে । কঢ়াপৰীয়া মইনা পাৰিজাতৰ সভাপতি বুদ্ধ জ্যোতি দাসে স্মৃতি তৰ্পণ কৰাৰ পাছত জিলা মইনা পাৰিজাতৰ গৰিষ্ঠ সংখ্যক কৰ্মকর্তা আৰু বিষয়ববীয়াৰ লগতে সদস্য সকল উপস্থিত থকা কাৰ্যসূচীত শিশু সকলৰ মাজত অনুষ্ঠিত চিত্ৰাংকণ ,ক্ৰীড়া প্ৰতিযোগিতা আৰু কৰ্মশালা উদ্বোধন কৰে কণমানি মইনা আকাশ ফুকনে। শিবিৰৰ সাহিত্য, কৃষ্টি প্ৰতিযোগিতা আৰু কৰ্মশালা উদ্বোধন কৰে মইনা হৃতিকা ডনা আৰু শিক্ষয়িত্ৰী স্বৰ্ণলতা গগৈ চমুৱাই ।
গোঁহাইবাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ শ্ৰুতিমধুৰ বৃন্দগানেৰে দুপৰীয়া মঞ্চ মুকলি কৰাৰ পাছত মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়। বহু সংখ্যক অভিভাৱক , কণ কণ মইনাৰ উপস্থিতি আৰু বিভিন্ন প্ৰতিযোগিতাত অংশ গ্ৰহনেৰে জীপাল হৈ পৰা মুকলি সভাত সভাপতিত্ব কৰে জিলা মইনা পাৰিজাতৰ সভাপতি তবেন্দ্ৰ নাথ দাসে ।
উত্তৰ লখিমপুৰ জিলা মইনা পাৰিজাতৰ মইনা দেবাৰ্থ বৰাই উদ্বোধন কৰা মুকলি সভাত সমল অতিথি হিচাবে কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দ্বিজেন বৰাই অংশ গ্ৰহণ কৰি মননশীল বক্তব্য আগবঢ়াই । আয়োজক মইনা পাৰিজাতৰ সমবেত সংগীত , দলীয় নৃত্য আদিৰে মুখৰ হৈ পৰা বাছনি শিবিৰত মুঠ ৫০ গৰাকী প্ৰতিভাধৰ মইনাক কেন্দ্ৰীয় সমিতিৰ কৰ্মশালা , শিবিৰলৈ নিৰ্বাচিত কৰা হয়।
Also Read: বৰপেটাত ৫ মহীয়া শিশুৰ পেটত ওলাল মৃত ভ্রুণ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us