New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/modi-silchar.jpg)
- শিলচৰৰ ৰামনগৰৰ নিৰ্বাচনী জনসভাত কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ প্ৰধানমন্ত্ৰী মোডী।
- 'নিৰ্বাচনৰ বাবে কংগ্ৰেছে ভুৱা প্ৰতিশ্ৰুতি দি আহিছে।'
- 'প্ৰতিশ্ৰুতি দি পূৰণ নকৰাটো কংগ্ৰেছৰ স্বভাৱ।'
- 'আমি কংগ্ৰেছৰ দৰে নহয়।'
- 'আমি বিকাশৰ বাবে কাম কৰি আহিছো আৰু কাম কৰি যাম।'
- 'দিল্লীৰ পৰা কংগ্ৰেছে সংঘটিত কৰিছে নিৰ্বাচনী কেলেংকাৰী।'
- 'অসমৰ চাহ বাগানীয়া সকলৰ প্ৰতি দৃষ্টি নিদিলে কংগ্ৰেছে।'
- 'অসমৰ দৰিদ্ৰতা নিৰ্মূল কৰিবলৈ, কৃষকৰ সমস্যা দূৰ কৰাত অসমৰ্থ হৈছে কংগ্ৰেছ।'
- 'আমাৰ লক্ষ্য কেৱল জনতাৰ উন্নয়ন।'
- 'কংগ্ৰেছে ৰাজনীতি কৰে নিজৰ বাবে।'
- 'কংগ্ৰেছে মোক শৌচালয়ৰ চকীদাৰ আখ্যা দিছে।'
- 'কিন্তু মই সুখী যে মই দেশবাসীৰ, আই-মাতৃৰ চকীদাৰী কৰিব পাৰিছো।'
- 'কোনো কাৰণত যদি কংগ্ৰেছ জয়ী হয়, তেন্তে পূৰ্বৰ দৰে এখন অকামিলা আৰু ভ্ৰষ্টাচাৰী চৰকাৰ গঠন হ'ব।'
- 'মই আপোনালোকক কথা দিছো, আপোনালোকৰ প্ৰত্যেককে মই পকী ঘৰ প্ৰদান কৰিম।'
- জনসভাত উপস্থিত জনতাক 'ময়ো চকীদাৰ' শ্ল'গান দিবলৈ আহ্বান।
- ছাত্ৰ, লিখক, সাংবাদিক, সমগ্ৰ দেশবাসীক চকীদাৰ আখ্যা নৰেন্দ্ৰ মোডীৰ।
- জনসভাত পুনৰ এবাৰ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ সদম্ভ ঘোষণা মোডীৰ।
- জনসভাত হিন্দুত্ববাদ প্ৰদৰ্শন কৰি 'জয় শ্ৰী ৰাম শ্ল'গান' বিজেপিৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us