/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/modi-mangalore.jpg)
ডিজিটেল ডেস্ক : শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাংগালুৰুত প্ৰায় ৩৮০০ কোটি টকাৰ যান্ত্ৰিকীকৰণ আৰু ঔদ্যোগিকৰণ প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰে।
অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই প্ৰসংগত কয় যে, "ভাৰতীয় সামুদ্ৰিক খণ্ডৰ বাবে গৌৰৱৰ এই শুভ দিনটোত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি মাংগালুৰুত বহুতো গুৰুত্বপূৰ্ণ আন্ত:গাঁথনিমূলক প্ৰকল্পৰ শুভাৰম্ভ তথা আধাৰশিলা স্থাপনৰ সৈতে 'মেক ইন ইণ্ডিয়া' কাৰ্যসূচীক অধিক গতিশীলতা প্ৰদান কৰিলে।
আনহাতে সোণোৱাল ডাঙৰীয়াই ব্যক্ত কৰে যে- মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমাৰ দেশখনে আত্মনিৰ্ভৰশীলতাৰ শক্তিশালী ভেটিৰে এখন নতুন ভাৰত গঢ়ি তোলাৰ দিশত আগবঢ়িছে। এখন গৌৰৱাম্বিত, আত্মনিৰ্ভৰশীল আৰু দৃঢ় প্ৰতিজ্ঞ দেশ হিচাপে আমি বিকাশ আৰু সমৃদ্ধিৰ এই পথত দৃঢ় হৈ থাকিব লাগিব। উক্ত প্ৰকল্পসমূহে কৰ্ণাটকৰ জনসাধাৰণৰ জীৱন ধৰণৰ মান বৃদ্ধি বহু নিযুক্তিৰ পথ প্ৰশস্ত কৰিব বুলিও মন্তব্য কৰে।