ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম গৰাকী চিত্রশিল্পী প্রমোদ চন্দ্ৰ ৰয়ৰ মৃত্যু

ৰয়ৰ মৃত্যুত অসম নাট্য সন্মিলনে গভীৰ শোক প্ৰকাশ কৰে
ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম গৰাকী চিত্রশিল্পী প্রমোদ চন্দ্ৰ ৰয়ৰ মৃত্যু

ডিজিটেল সংবাদ,পাঠশালাঃ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম গৰাকী চিত্রশিল্পী,কলা নির্দেশক, অৱসৰী প্ৰধান শিক্ষক, শিল্পী পেন্সনাৰ, প্রমোদ চন্দ্ৰ ৰয়ৰ বৃহস্পতিবাৰে নিজ বাসভৱনত বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। শিল্পী ৰয়ে ১৯৩৭ চনৰ ৪ জানুৱাৰীত বজালীৰ ধৰ্মতলা গাঁৱত জন্মগ্ৰহণ কৰে।

প্ৰয়াত প্ৰমোদ ৰায়ে বজালী হাইস্কুলত পঢ়ি থকা সময়তে তেওঁ নাৰী চৰিত্ৰৰ লগতে কৌতুক চৰিত্ৰ আৰু অন্যান্য চৰিত্ৰতো অভিনয় কৰিছিল। প্ৰায় ৫০ খনৰো অধিক নাটকত তেওঁ বলিষ্ঠ অভিনয় কৰিছিল।

উল্লেখযোগ্য যে, ১৯৬৩ চনত জন্মলাভ কৰা নটৰাজ থিয়েটাৰৰ উপৰিও তেওঁ আৱাহন থিয়েটাৰ, পূৰ্বজ্যোতি থিয়েটাৰ, কহিনুৰ থিয়েটাৰত কলা নিৰ্দেশনা কৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ তাৰকা কলা শিল্পী হিচাপে ৬০ৰ দশকৰ পৰা ৮০ৰ দশকলৈ সমাদৃত হৈ পৰিছিল। আমৃত্যু তেওঁ আৱাহন থিয়েটাৰৰ লগত জড়িত হৈ আছিল।

তেওঁ পাঠশালাত ৰূপৰেখা, অজন্তা আর্ট হাউছ স্থাপন কৰাৰ উপৰিও জন্মগাঁও ধৰ্মতলাত আদর্শ হাইস্কুল স্থাপন কৰি শিক্ষকতা কৰিছিল। উক্ত শিক্ষানুষ্ঠানখনৰ পৰা ২০০২ চনত প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।

শেহতীয়াকৈ নাট মণ্ডল, পাঠশালাই ৰূপালী জয়ন্তী বর্ষ উপলক্ষে 'বিন্দুতে সিন্ধু' নামৰ জীৱনী গ্রন্থ প্রকাশ কৰি প্ৰমোদ চন্দ্ৰ ৰয়দেৱক অভিনন্দন জনাইছিল। অসম নাট্য সন্মিলনৰ অলপতে বৰপেটাৰোডত অনুষ্ঠিত হোৱা ৬৭ সংখ্যক অধিৱেশনটো প্ৰয়াত ৰয়ক বিশেষ ভাৱে সম্বৰ্দ্ধনা জনাইছিল ৷

শিল্পী প্ৰমোদ ৰায়ৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে। তেওঁৰ মৃত্যুত সাংস্কৃতিক জগতৰ এগৰাকী জ্যেষ্ঠ দিক নিৰ্দেশকক চিৰদিনলৈ হেৰুৱালে । আনহাতে ৰয়ৰ মৃত্যুত অসম নাট্য সন্মিলনে গভীৰ শোক প্ৰকাশ কৰে ।

ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম গৰাকী চিত্রশিল্পী প্রমোদ চন্দ্ৰ ৰয়ৰ মৃত্যু
বঙৰাত দক্ষিণ কামৰূপ সচেতন মঞ্চৰ গুৰুত্বপূৰ্ণ সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in