নৃশংস! গণপ্ৰহাৰত মৃত্যু এজনৰ…

নৃশংস! গণপ্ৰহাৰত মৃত্যু এজনৰ…

author-image
asomiyapratidin
New Update
নৃশংস! গণপ্ৰহাৰত মৃত্যু এজনৰ…

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলাত গনপ্ৰহাৰৰ ঘটনা ৷ জিলা খনৰ চামগুৰি থানাৰ অন্তৰ্গত বৰদল গাঁৱত সংঘটিত হয় এই ঘটনা ৷ গন প্ৰহাৰত নিহত হয় মালাকী খালখ নামৰ লোক জন ৷

দেওঁবাৰে নিশা বৰদলৰ লোকে মালাকিক ধৰি মাৰধৰ কৰে ৷ ৰাজহুৱা গন প্ৰহাৰৰ ফলত ব্যক্তিজনৰ মৃত্যু হয় ৷ মালাকি খালখ নামৰ লোকজনৰ বিৰুদ্ধে গনপ্ৰহাৰত জড়িত লোক সকলৰ অভিযোগ চুৰিৰ ৷ চোৰ কৰিবলৈ অহাৰ অভিযোগত মালাকীক কৰায়ত্ব কৰি মাৰধৰ কৰা বুলি জানিব পৰা গৈছে ৷

অৱশ্যে আৰক্ষীৰ তদন্তত হে প্ৰকৃত ঘটনা পোহৰলৈ আহিব ৷ আৰক্ষীয়ে নিশাই নিহত ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ কৰিছে ৷ মৰনোত্তৰ পৰীক্ষাৰ বাবে পুৱা নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

nagaon assam Assam police