/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/dangor-khobr-1.jpg)
ডিজিটেল ডেস্ক: ৰাজ্যত পুনৰ সংঘটিত হয় এক জঘন্য কাণ্ড। সোপাধৰাৰ সন্দেহত এজন লোকক মৰিয়াই মৰিয়াই হত্যা কৰিলে একাংশই।
বুধবাৰে জোনাইত সংঘটিত হৈছে এই ঘটনা। উল্লেখ্য যে, এই ঘটনাৰ ১৫ ছেকেণ্ডৰ এক ভিডিঅ'ও ভাইৰেল হৈছে য'ত তেওঁ কৈছে তালৈ অহাৰ কাৰণ। কিন্তু উদণ্ড একাংশ লোকে হত্যা কৰে লোক জনক। আনকি মৃত্যু হৈছে নে নাই তাৰো পৰীক্ষা কৰি চাই পাষাণ সকলে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও অসমত এনে ঘটনা বহু সংঘটিত হৈছে। একাংশই অন্ধ বিশ্বাসৰ কবলত কৰি নিৰীহ লোকক হত্যা কৰিবলৈও কুণ্ঠাবোধ নকৰে। নিহত লোক জন গোগামুখৰ চেতিয়া গাঁৱৰ গোপাল বৰুৱা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
আৰু পঢ়ক: মহিলাৰ বিৰুদ্ধে অপৰাধ; ভাৰতত প্ৰতি দিনেই ৮৬ টা ধৰ্ষণৰ গোচৰ: চৰকাৰী তথ্য
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us