বান শিবিৰত শিক্ষকৰ ৰূপত কোন এই বিধায়ক ?

বান শিবিৰত শিক্ষকৰ ৰূপত কোন এই বিধায়ক ?

author-image
asomiyapratidin
New Update
বান শিবিৰত শিক্ষকৰ ৰূপত কোন এই বিধায়ক ?

ডিজিটেল সংবাদ,নগাঁও: এপ্ৰিল মাহৰ পৰা আৰম্ভ হোৱা মহাপ্ৰলয় জুলাইলৈকে উপশম হোৱা নাই নগাঁও জিলাত ৷ জিলাখনৰ মাজেৰে বৈ যোৱা কপিলী নদী, কলঙ সূঁতি , খানদং আৰু কাৰ্বিলাংপি জলবিদ্যুত প্ৰকল্পৰ অতিৰিক্ত পানীয়ে জলপ্ৰলয় সৃষ্টি কৰাৰ পিছত লাখ লাখ লোকৰ হাহাকাৰ পৰিবেশৰ সৃষ্টি হয় ৷ কপিলী জলপৃষ্ট হ্ৰাস হৈ বিপদসীমাতকৈ ১.৫৭ মিটাৰ তলেৰে বৈ আছে যদিও ৰহা , কামপুৰতে ১৯৪ খন গাঁও জলমগ্ন হৈ আছে ৷ জিলাখনত সৰ্বমুঠ ২৩১ খন গাঁও দেওঁবাৰ পৰ্যন্ত বানৰ কবলতে আছে ৷ ৩ লাখ ৭৫ হাজাৰ ৬৯৭ জন লোক বানত আক্ৰান্ত হৈ আছে ৷

Advertisment

বৃহৎ সংখ্যক লোক বানৰ মাজত আবদ্ধ হৈ থকাৰ মাজত ১ লাখ ১২ হাজাৰ ২৬৬ শিশু বানৰ দ্বাৰা আক্ৰান্ত ৷ এই বৃহৎ সংখ্যক শিশু বানৰ কবলত পৰাৰ পিছত স্বাস্থ্য , শিক্ষাৰ ক্ষেত্ৰত সমস্যাই দেখা দিছে ৷ বিশেষকৈ শিক্ষা প্ৰত্যাহবান হিচাপে দেখা দিছে এই বৰ্ন্যাত শিশু সকলৰ ক্ষেত্ৰত ৷

শিশুসকলৰ শৈক্ষিক উত্তৰনৰ বাবে নগাঁৱত বিশেষ গুৰুত্ব প্ৰদান কৰা দেখা গৈছে বিধায়ক ৰূপক শৰ্মাক ৷ বন্যাৰ্তৰ মাজত খাদ্য,খোৱা পানী, চিকিৎসা প্ৰদানৰ দিশটো তদাৰক কৰি থকা বিধায়ক ৰূপক শৰ্মাই শিশু সকলৰ শিক্ষাৰ দিশটোকো সমানে গুৰুত্ব দিছে ৷ দিনে নিশাই সদৰৰ বান বিধস্ত এলেকাত উপস্থিত থকা বিধায়ক শৰ্মাই শিশু সকলৰ নিয়মীয়া অধ্যয়নকো তদাৰক কৰিছে ৷

সুবিধা বুজি বিধায়কজনে আশ্ৰয় শিবিৰত উপস্থিত হৈ শিশু সকলৰ পঢ়া শুনাৰ বুজ লৈছে ৷ আনকি তেওঁলোকক আশ্ৰয় শিবিৰত নিজে বিধায়ক জনে পঢ়োৱাৰো বতৰা পোৱা গৈছে ৷ শিশু সকলক হাঁহি,ধেমালী, মৰমেৰে পঢ়াৰ ক্ষেত্ৰত হাতে কামে লাগিছে বিধায়ক ৰূপক শৰ্মা ৷ এক প্ৰকাৰে বান শিবিৰত শিক্ষকৰ ভূমিকাত অৱতীৰ্ণ হৈছে বিধায়ক ৰূপক শৰ্মা ৷

জানিব পৰা মতে নগাঁও জিলাত প্ৰলংকাৰী বানত ৪২ খনকৈ হাইস্কুলৰ ক্ষতি সাধন হৈছে ৷ ২০ খন হাইস্কুলত আছে আশ্ৰয় শিবিৰ ৷ এই বিদ্যালয় সমূহত এপ্ৰিলৰ পৰা পাঠদান বানৰ বাবে কৰিব পৰা নাই ৷ বহু সংখ্যক বিদ্যালয় বৰ্তমানলৈকে বাঢ়নী পানীৰ মাজতে আছে ৷

ইফালে জিলাখনৰ দুশৰো অধিক প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয় বানত আক্ৰান্ত হৈ আছে ৷ বহু বিদ্যালয়ৰ মূধচলৈকে এতিয়াও পানী ৷ ৪১ খন প্ৰাথমিক বিদ্যালয়ত আছে আশ্ৰয় শিবিৰ ৷ কামপুৰত ১৯০ টাকৈ অংগনাবাড়ী কেন্দ্ৰ বানত বিধস্ত হৈছে ৷ অংগনাবাড়ী কেন্দ্ৰ,প্ৰাথমিক বিদ্যালয়, হাইস্কুল আদিত বানৰ বাবে শৈক্ষিক পৰিবেশ বিনস্ত হোৱাৰ পিছত আশ্ৰয় শিবিৰ সমূহত পাঠদানৰ ব্যৱস্থা কৰাটো এক যোগান্তক দিশ ৷

জানিব পৰা মতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ ক্ৰমে আশ্ৰয় শিবিৰ সমূহত থকা শিশু আৰু ছাত্ৰ ছাত্ৰী সকলক বিশেষ তদাৰক কৰিবলৈ প্ৰধান শিক্ষক , অধ্যক্ষ সকলক দিয়া নিৰ্দেশ মতে কৰ্তব্য পালন কৰা দেখা গৈছে শিক্ষক সকলক ৷

আৰু পঢ়ক: মণিপুৰৰ ভূমিস্খলনত নিহত লামডিঙৰ গুৰেন্দ্ৰ উপধ্যায়…

assam flood nagaon