নগাঁৱত একতা দৌৰত বিধায়ক ৰূপক শৰ্মা...

নগাঁৱত একতা দৌৰত বিধায়ক ৰূপক শৰ্মা...

ডিজিটেল সংবাদ,নগাঁও : ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ সোমবাৰে পৱিত্ৰ জন্মজয়ন্তী । লৌহ মানৱগৰাকীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ একতাৰ এনাজৰীডাল দৃঢ় কৰাৰ প্ৰয়াসেৰে প্ৰতি বছৰে তেওঁৰ ওপজা দিনটো ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰি অহা হৈছে । 'ৰাষ্ট্ৰীয় একতা দিৱস' উপলক্ষে সোমবাৰে পুৱা নগাঁও জিলা প্ৰশাসনে নগাঁও ক্ৰীড়া সংন্থাৰ খেলপথাৰৰ পৰা একতাৰ দৌৰ কাৰ্যসূচী অনুষ্ঠিত কৰে ৷

একতা দৌৰত সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই অংশ গ্ৰহণ কৰে ৷ অনুষ্ঠিত হোৱা একতাৰ দৌৰৰ কাৰ্যসূচীত নগাঁও জিলাৰ কেইবাগৰাকীও অতিৰিক্ত উপায়ুক্ত, পৌৰসভাৰ পৌৰপতি, উপপৌৰপতি, পৌৰআয়ুক্ত সকল প্ৰমুখ্যে জিলা প্ৰশাসনৰ বিষয় ববীয়া, বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰী, খেলুৱৈ সকলে অংশগ্ৰহণ কৰে।

ইফালে নগাঁও আৰক্ষীয়েও একতা দৌৰ কাৰ্যসূচী ৰূপায়ন কৰে ৷ নবম অসম আৰক্ষী বাহিনী আৰু নগাঁও আৰক্ষীয়ে যৌথ ভাবে একতা দৌৰ কাৰ্যসূচী পালন কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in