বিৰোধী শূণ্য হ’ব গুৱাহাটী পৌৰ নিগম : বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা

বিৰোধী শূণ্য হ’ব গুৱাহাটী পৌৰ নিগম : বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা

author-image
asomiyapratidin
New Update
বিৰোধী শূণ্য হ’ব গুৱাহাটী পৌৰ নিগম : বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা

ডিজিটেল ডেস্ক: শুকুৰবাৰে অনুষ্ঠিত হয় গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ। ৯ বছৰৰ মূৰত অনুষ্ঠিত এই ভোটগ্ৰহণৰ বাবে ওলাই আহিছে জনতা।

ইয়াৰ মাজতে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে গুৱাহাটী এইবাৰ বিৰোধী শূণ্য হ'ব। বিৰোধীক শূণ্য কৰি গঠন হ'ব গুৱাহাটী পৌৰ নিগম।

'আপ'ৰ উত্থান সন্দৰ্ভত বিধায়ক গৰাকীয়ে কয় যে নিৰ্বাচনৰ ফলাফলে কব আপৰ উত্থানৰ কথা। তদুপৰি এইবাৰ কাৰো লগতে প্ৰতিদ্বন্দ্বিতা নহয় বুলি কৈ বিধায়ক গৰাকীয়ে কয় যে এইবাৰ বিজেপি মিত্ৰজেঁটে ক্লিন ছুইপ মাৰিব।

গুৱাহাটীৰ বিভিন্ন সমস্যা সন্দৰ্ভত তেওঁ কয় যে গুৱাহাটীত জনসংখ্যা বৃদ্ধি হৈছে। আৰু গুৱাহাটীত হোৱা সমস্যাও সঁচা। কিন্তু অতি শীঘ্ৰেই দূৰ কৰা হ'ব এই সমস্যা সমূহ।

আৰু পঢ়ক: বিয়ালৈ গৈ থকা কিশোৰীক দলবদ্ধ বলাৎকাৰ…

assam gmc guwahati