ড্ৰাগছ বিক্রেতাসকল হ’ল সমাজৰ হত্যাকৰী: বিধায়ক শিবু মিশ্ৰ

ড্ৰাগছ বিক্রেতাসকল হ’ল সমাজৰ হত্যাকৰী: বিধায়ক শিবু মিশ্ৰ

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ,লামডিং: শুকুৰবাৰে লামডিঙৰ প্ৰনবানন্দ বিদ্যামন্দিৰ বিদ্যালয়ত সদৌ অসম ভিত্তিত তিনি দিনীয়া কাৰ্যসূচীৰে ইছান যোগা ৰিছাৰ্চ ফাউণ্ডেচনৰ উদ্যোগত যোগাসন প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যোগাসন খেলুৱৈসকলে এই প্ৰতিযোগিতা খনত ইতিমধ্যে যোগদান কৰেহি ৷

Advertisment

আজিৰ প্ৰনৱানন্দ বিদ্যাপীঠ স্কুলত যোগাসন প্ৰতিযোগিতাত উপস্থিত থাকে লামডিঙ সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, প্ৰনবানন্দ বিদ্যাপীঠ স্কুলৰ অধক্ষ্য শেখৰ চক্ৰবৰ্তী,হিন্দু মিলন মন্দিৰৰ মহাৰাজ, ইছান যোগা ৰিছাৰ্চ ফাউণ্ডেচনৰ বিষয়া কৰ্মীৰ লগতে লামডিংৰ বহু বিশিষ্ট ব্যক্তিসকল ৷ বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকলেও আজিৰ এই অনুস্থানত অংশগ্ৰহন কৰে ৷

উল্লেখ যে বিভিন্ন ৰোগৰ পৰা পৰিত্ৰান পাবলৈ যোগসাধনা কৰা অতি প্ৰয়োজন ৷ অভিভাৱকসকলৰ লগতে প্ৰতিজন শিক্ষাৰ্থীয়েও যোগ সাধনা কৰিলে মানসিক চাপৰ পৰা ৰেহাই পোৱাৰ লগতে ৰোগৰ পৰাও নিৰাময় পাব ৷ আনফালে অনুষ্ঠানটোত উপস্থিত থকা বিধায়ক শিবু মিশ্ৰই ড্ৰাগছ ব্যৱসায়ীক হত্যাকাৰীৰ লগত তুলনা কৰি কয় যে ব্যয়ামৰ প্ৰভাৱ বাঢ়িলেহে সমাজত ড্ৰাগছৰ বৃদ্ধি কমি আহিব ৷

ড্ৰাগছ কেৱল লামডিঙতে নহয় সমগ্র অসমত হে বৃদ্ধি পাইছে। লামডিঙত ড্ৰাগছৰ লগত জড়িত থকা বহুকেইজনমান যুৱকক আৰক্ষীয়ে আটক কৰিছে কৰিবও লাগে এই ক্ষেত্ৰত সম্পূৰ্ন সমৰ্থন জনায় বিধায়ক গৰাকীয়ে ৷ ইয়াৰোপৰি বিধায়ক গৰাকীয়ে কয় যে ড্ৰাগছ বিক্রেতাসকল হ'ল সমাজৰ হত্যাকৰী আৰু এই সকলক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে।

আৰু পঢ়ক: চিৰাঙত ভয়ংকৰ বন ধ্বংস কাৰ্য…

assam lumding