বালিজুৰিৰ অগ্নিকাণ্ডৰ ফলত গৃহহীন হোৱা শ্যাম নেৱাৰক পদ্ম হাজৰিকাৰ তৎপৰতাত সহায়

ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰা উক্ত স্থানত উপস্থিত হৈ দুৰ্ভগীয়া লোকজনৰ পৰিয়ালক সমবেদনা
বালিজুৰিৰ অগ্নিকাণ্ডৰ ফলত গৃহহীন হোৱা শ্যাম নেৱাৰক পদ্ম হাজৰিকাৰ তৎপৰতাত সহায়

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ বালিজুৰিৰ ধুবিখোলাত যোৱা ১০ মাৰ্চৰ পুৱাই সংঘটিত হৈছিল ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত শ্যাম নেৱাৰ নামৰ লোকজনৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হৈছিল ৷

লোকজনৰ বাসগৃহত আকস্মিকভাবে অগ্নিসংযোগ হৈ দাউ দাউ কৈ জুই জ্বলি নিমষতে চাই হৈ গৈছিল দুৰ্ভগীয়া পৰিয়ালটোৰ আবাসগৃহ ৷ স্থানীয় লোকে জুই নুমুৱাবলৈ চেষ্টা কৰিও ব্যৰ্থ হোৱাৰ বাবেই লক্ষাধিক টকাৰ সা সম্পত্তি ভস্মীভূত হয় ৷ এই ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰা উক্ত স্থানত উপস্থিত হৈ দুৰ্ভগীয়া লোকজনৰ পৰিয়ালক সমবেদনা জনোৱাৰ লগতে গৃহনিৰ্মানৰ বাবে টিন পাত আৰু প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰি দি সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷

সেই মৰ্মেই বুধবাৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ বিশেষ তৎপৰতাত চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই গৃহনিৰ্মানৰ প্ৰয়োজনীয় সামগ্ৰীসহ ধুবিখোলাৰ শ্যাম নেৱাৰৰ বাসভৱনত উপস্থিত হৈ গৃহটি নিৰ্মান কৰি দিয়াৰ ব্যৱস্থা কৰে ৷ গৃহনিৰ্মান কাৰ্যত গাঁৱবাসীৰ লগতে স্থানীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ সদস্যই হাতে কামে লাগি শ্ৰমদান কৰি নিৰ্মানৰ কাম সম্পূৰ্ণ কৰে ৷

এনেবোৰ সহায়ৰ বাবে শ্যাম নেৱাৰৰ পৰিয়ালৰ লগতে গাঁৱবাসীয়ে বিধায়ক পদ্ম হাজৰিকাৰ লগতে আঞ্চলিক পঞ্চায়তৰ সভাপতি গৰাকীৰ প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ৷

বালিজুৰিৰ অগ্নিকাণ্ডৰ ফলত গৃহহীন হোৱা শ্যাম নেৱাৰক পদ্ম হাজৰিকাৰ তৎপৰতাত সহায়
পথৰ মাজৰ এজোপা অৰ্জুন গছত বৰটোকোলাৰ বাহঃ অপৰূপ সৌন্দৰ্যত থৰ লাগিছে প্ৰকৃতিপ্ৰেমী

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in