/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/50.jpg)
ডিজিটেল ডেস্কঃ 'নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে সমৰ্থনৰ বিষয় হ'ব নোৱাৰে। আমি প্ৰথমে এন আৰ চি বিচাৰো।' মঙলবাৰে এই মন্তব্য কৰে বিধায়ক পবীন্দ্ৰ ডেকাই। পাটাছাৰকুছিত ভোটাধিকাৰ সাব্যস্ত কৰি বিধায়কগৰাকীয়ে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ দৰে এক স্পৰ্শকাতৰ বিষয় অসমবাসীৰ বাবে কেতিয়াও প্ৰয়োজন নহয়। যিকোনো মূল্যৰ বিনিময়তে এই বিধেয়কখনৰ বিৰোধিতা কৰি যাব বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে।
ইফালে সোমবাৰে পশ্চিম বংগত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে প্ৰথমে কেব, পিছতহে এন আৰ চি বুলি কৰা মন্তব্যৰো বিৰোধিতা কৰে পবীন্দ্ৰ ডেকাই। অমিত শ্বাহে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবই বুলি কৰা দাবীৰ বিৰোধিতাৰে পবীন্দ্ৰ ডেকাই কয় যে অসমীয়া ৰাইজে এয়া কেতিয়াও হ'ব নিদিয়ে।
আনফালে পাটাছাৰকুছিত ৮০ শতাংশৰো অধিক ভোটদান সম্পন্ন হ'ব বুলি মন্তব্য কৰি কুমাৰ দীপক দাসেই বৰপেটা সমষ্টিৰ পৰা জয়লাভ কৰিব বুলিও দাবী কৰে বিধায়কজনে।