/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/1bc18237-f8b7-4770-99d3-5bdb63f9a8a6/naba_doley.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা : ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেয়ে ক্ষমতাৰ গাদী কুক্ষীগত কৰাৰ নামত কুটিল ৰাজনীতি চলাই গৈছে। শিক্ষা আৰু শৈক্ষিক অনুষ্ঠানত ৰাজনীতিৰ বিষবাষ্প বিয়পাই নৱ প্ৰজন্মৰ শৈক্ষিক ভৱিষ্যত অন্ধকাৰাচন্ন কৰাৰ নিকৃষ্ট ৰাজনীতিত লিপ্ত হৈছে বিধায়ক দলে। ঢকুৱাখনাৰ শিক্ষিত যুৱ প্ৰজন্মক বিভিন্ন আঁচনিৰ হিতাধিকাৰী সজাই কৰ্মবিমুখ কৰি গেৰুৱা দলৰ একান্ত অনুগত কৰি ৰখাৰ দৰে ঘৃন্য ৰাজনীতি অব্যাহত ৰাখিছে বিধায়কজনে ।
এয়া ভৱিষ্যত প্ৰজন্মৰ বাবে অতি ক্ষয়ঙ্কৰী আৰু বিপদজনক হিচাবে বিবেচিত হৈছে। ক্ষমতাৰ গাদী সুৰক্ষিত কৰাৰ স্বাৰ্থত এগৰাকী বিধায়কে গ্ৰহণ কৰা এনে বহু ক্ষতিকাৰক কাৰচাজিৰ বিৰুদ্ধে ৰাইজ সজাগ হোৱাৰ সময় সমাগত। ঢকুৱাখনা মণ্ডল বিজেপিৰ সামাজিক মাধ্যম কোষৰ নেতা ঘন কুলিৰ মন্তব্য এয়া । শনিবাৰে পূব ঢকুৱাখনা গাঁও পঞ্চায়তৰ ভোমা জাৰণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ অনুষ্ঠিত এক সভাত এই মন্তব্য কৰে গেৰুৱা দলৰ নেতা কুলিয়ে ।
অঞ্চলটোৰ বিশিষ্ট সমাজ কৰ্মী, শিক্ষাবিদ প্ৰকৃত মিলিৰ সভাপতিত্বত অনুষ্ঠিত সভাত বক্তব্য ৰাখি নৱ দলেৰ হাতত ঢকুৱাখনাৰ প্ৰতি স্তৰৰ নাগৰিকৰ ভৱিষ্যত সুৰক্ষিত নহয় বুলি কয়। সন্মিলিত গণ শক্তি অসম দলৰ কেন্দ্ৰীয় সমিতিৰ কোষাধ্যক্ষ সুনীল কুমাৰ পেগু, যুটীয়া সাধাৰণ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, সাধাৰণ সম্পাদক ৰাজু খনিকৰ, মিচিং জাতিয় সংগঠনৰ বিষয় ববীয়া ক্ষীৰোদ পেগু, ৰাজীৱ দলে ,মোহন পেগু ,অমৃত দলে আৰু অন্যান্য বিষয়ববিয়া আৰু গনশক্তি দলৰ নেতৃবৰ্গ উপস্থিত থকা সভাত কুলিৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ জিতুল পেগু, বিজয় পেগু, ডিম্পল দলে, হিতেশ দলে, মূলেন পেগু, টংকেশ্বৰ টাৱ, দময়ন্তী দলে, বগীতি মিচং, পূৰ্ণক্ষী দলে , জ্যোতিকা দলে, হীৰাৱতী দলে সহ ১৫ গৰাকী সক্ৰিয় সদস্যই গেৰুৱা দল ত্যাগ কৰি আনুষ্ঠানিক ভাৱে সন্মিলিত গণ শক্তি দলত যোগদান কৰাৰ সিদ্ধান্ত ব্যক্ত কৰি যোগদান কৰে ।
স্পষ্টবাদী যুৱ নেতা কুলি আৰু অন্যান্য গেৰুৱা দল ত্যাগী কৰ্মকর্তা সকলক গনশক্তি দলৰ নেতৃবৰ্গই জনগোষ্ঠীয় বস্ত্ৰ পিন্ধাই দললৈ আদৰণি জনাই । তাৰোপৰি সভাতেই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নিৰ্মলা দলে, হেম প্ৰভা দলে অমিয় বৰাক, পিংকি পেগু , জিতেন পেগু সহ বহু কেইগৰাকী কৰ্মকর্তাই কংগ্ৰেছ দল এৰি গনশক্তি দলত যোগদান কৰে । সভাত নবাগত সকলক দললৈ আদৰণি জনাই দলৰ কেন্দ্ৰীয় সমিতিৰ নেতা সুনীল কুমাৰ পেগুৱে এখন সম বিকশিত সমাজ গঢ়ি স্বাস্থ্য, শিক্ষা, জীৱন জীৱিকাৰ ক্ষেত্ৰত বিজ্ঞানসন্মত দৃষ্টিভঙ্গীৰে আগুৱাই যোৱাৰ লক্ষ্য উদ্দেশ্যত সংকল্পবদ্ধ গনশক্তি দলৰ বুনিয়াদ সৱলীকৰণত নৱাগতসকলৰ কৰণীয় অধিক বুলি কৈ আদৰণি জনাই । সভাত দলৰ নেতা ইন্দ্ৰ কুমাৰ চুংক্ৰাংয়েও শুভেচ্ছা মূলক বক্তব্য ৰাখে ।
আৰু পঢ়ক : বিদ্ৰোহী সংগঠনলৈ চৰকাৰী পুঁজি যোগান