দেশৰ প্ৰতিৰক্ষা পুঁজিলৈ সকলোকে সাধ্য অনুসৰি দান দিয়াৰ আহ্বান দেৱব্ৰত শইকীয়াৰঃ নিজেই দাঙি ধৰিলে উদাহৰণ

অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি, কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াই দেশৰ বৰ্তমানৰ যুদ্ধ সদৃশ পৰিস্থিতিত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকাৰ সাহায্য আগবঢ়াইছে।

author-image
Tushar Pratim
New Update
দেশৰ প্ৰতিৰক্ষা পুঁজিলৈ সকলোকে সাধ্য অনুসৰি দান দিয়াৰ আহ্বান দেৱব্ৰত শইকীয়াৰঃ নিজেই দাঙি ধৰিলে উদাহৰণ

ডিজিটেল ডেস্কঃ অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি তথা নাজিৰা সমষ্টিৰ কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াই দেশৰ বৰ্তমানৰ যুদ্ধ সদৃশ পৰিস্থিতিত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকাৰ সাহায্য আগবঢ়াইছে। তাৰোপৰি তেওঁ সকলোকে নিজৰ সাধ্য অনুসৰি এই পুঁজিলৈ দান দিবলৈয়ো আহ্বান জনাইছে। ট

Advertisment

কংগ্ৰেছ নেতাগৰাকীয়ে তেওঁৰ এই সন্দৰ্ভত কয়, যুদ্ধ-সহায় হিচাপে মোৰ সাম্যৰ্থ অনুযায়ী নিজাববীয়াকৈ ৩০ হাজাৰ টকা ৰাষ্ট্ৰীয় সুৰক্ষা পুঁজিলৈ দান কৰিছো। এক ফেচবুক পোষ্টত শইকীয়াই কয়, ভাৰতীয় সেনাবাহিনীয়ে পাকিস্তানক সমূচিত এশিকনি দি নিজৰ বীৰত্ব আৰু সাহসৰ পৰিচয় দিছে। প্ৰত্যুত্তৰ হিচাপে পাকিস্তানে নিজৰ নীচতা প্ৰদৰ্শন কৰি সাধাৰণ জনতাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। 

এই আক্ৰমণৰ দ্বাৰা পাকিস্তানে নিজৰ কাপুৰুষতা বা সন্ত্ৰাসবাদী চৰিত্ৰ উদঙাই দিছে। যুদ্ধ-সহায় হিচাপে মোৰ সাম্যৰ্থ অনুযায়ী নিজাববীয়াকৈ ৩০ হাজাৰ টকা ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ দান কৰিছো। এইসময়ত আমি সকলোৱে নিজৰ পাৰ্থক্য ত্যাগ কৰি দেশৰ অৰ্থে একজোঁট হ’ব লাগিব। 

যদি পাৰে, আপুনিও নিজৰ সাম্যৰ্থ অনুযায়ী দান কৰক। মই বাকী ৰাজনৈতিক দলবোৰকো অনুৰোধ জনাম যে দেশৰ ছহিদ জোৱান আৰু সাধাৰণ জনতাৰ মৃত্যুক লৈ ৰাজনীতি নকৰিব। আজি পাকিস্তানৰ এনে পৰিস্থিতি হৈছে তেওঁলোকৰ স্বৈৰাচাৰী শাসন, বিভেদকামী ৰাজনীতি, অ-গণতন্ত্ৰীয় কাৰ্যকলাপ আৰু ৰক্ষণশীলতাৰ বাবে। 

আমাৰ মহান দেশ ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থা আৰু প্ৰগতিশীল সমাজব্যৱস্থাৰ হানি কৰাৰ বাবে শত্ৰু ৰাষ্ট্ৰই আমাৰ সাৰ্বভৌমত্ব বিনষ্ট কৰিবলৈ আপ্ৰাণ চেষ্টা চলাই আহিছে। আমাৰ বীৰ জোৱানসকলে দেশৰ সাৰ্বভৌমত্বক ৰক্ষা কৰিবলৈ যুঁজিছে।

তেওঁ কয়, আহক আমিও হাতে-হাত ধৰি আমাৰ দেশৰ গণতন্ত্ৰক সুৰক্ষিত কৰি তোলো, যাতে কেতিয়াও কোনো শক্তিৰ সাহস নহয় আমাৰ দেশৰ সাৰ্বভৌমত্ব আৰু গণতন্ত্ৰক ৰঙা চকু দেখুৱাবলৈ। জয় হিন্দ। 

উল্লেখ্য যে, ইয়াৰ পূৰ্বে আজি কংগ্ৰেছৰ আন এগৰাকী সাংসদ সুখজিন্দৰ সিং ৰান্ধৱাৰে তেওঁৰ এমাহৰ দৰমহা ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ আগবঢ়াইছিল।  

অপাৰেচন সিন্দুৰ যুদ্ধ দেৱব্ৰত শইকীয়া প্ৰতিৰক্ষা মন্ত্ৰণালয়