এখন পত্ৰই জোকাৰিছে কংগ্ৰেছকঃ নিষ্ঠাবান কৰ্মীৰ সপক্ষে থিয় দিছে দেৱব্ৰত শইকীয়া...

এখন পত্ৰই জোকাৰিছে কংগ্ৰেছকঃ নিষ্ঠাবান কৰ্মীৰ সপক্ষে থিয় দিছে দেৱব্ৰত শইকীয়া...
এখন পত্ৰই জোকাৰিছে কংগ্ৰেছকঃ নিষ্ঠাবান কৰ্মীৰ সপক্ষে থিয় দিছে দেৱব্ৰত শইকীয়া...

ডিজিটেল ডেস্কঃ আভ্যন্তৰীণ কন্দলে লগ এৰা নাই কংগ্ৰেছৰ। একেৰাহে ১৫ বছৰকৈ ৰাজ্য শাসন কৰা দলটোৱে ক্ষমতা হেৰুওৱাৰ পিছৰে পৰাই দলটোত কেৱল বিতৰ্ক আৰু সংঘাত।

কেতিয়াবা যদি দলীয় নেতা কৰ্মীয়ে, দলৰ বিৰুদ্ধে অৱস্থান কৰিছে আন কেতিয়াবা আকৌ দলত থাকিয়েই একাংশ সাংসদ, বিধায়ক তথা নেতাই শাসনাধিস্ত দলৰ লগত মিতিৰালি কৰি দলটোক ক্ষতি কৰাত হাত ওজান দিছে।

এইসকল নেতাৰ কৰ্ম-কাণ্ড সকলোৰে সন্মুখত স্পষ্ট হৈ পৰাৰ পিছত এতিয়া দলটোৰ তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে কাক বিশ্বাস কৰিব, কাক নকৰিব তাক লৈয়ো বিবুধিত পৰিছে। তেনে এক সময়তে কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াৰ এখন পত্ৰই জোকাৰিছে কংগ্ৰেছক।

দলটোৰ সভাপতি ভূপেন কুমাৰ বৰালৈ লিখা পত্ৰখনত দেৱব্ৰত শইকীয়াই দলটোৰ বিভিন্ন সমিতি গঠনত নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। দলৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত নিষ্ঠাবান কৰ্মীক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে এই পত্ৰখনত।

পঢ়ক সেই পত্ৰখনঃ

প্রতি,

শ্রী ভূপেন কুমাৰ বৰা,

সভাপতি, অসম প্রদেশ কংগ্ৰেছ কমিটী ।

প্রিয় বৰা ভাঙৰীয়া,

দলীয় সম্ভাষণ গ্রহণ কৰিব। যোৱা দুদিনমান দলীয় বিভিন্ন সতীৰ্থসকলৰ যোগাযোগ আৰু পৰবৰ্তী সময়ত আপোনাৰ লগত হোৱা মোৰ কথা-বার্তাৰ পৰবর্তী সময়ত কেইটামান কথা এই পত্রযোগে আপোনাক অৱগত কৰিবলৈ বিচাৰিছো।

মই আনুষ্ঠানিকভাৱে মাত্র ১৯৯১ চনতহে কংগ্ৰেছ দলৰ যুৱ কংগ্ৰেছৰ বিষয়বাবৰ যোগেদি দলীয় কাৰ্য্যকর্তা হিচাপে আত্মপ্রকাশ কৰাৰ সুযোগ পাইছিলো। যদিও দলৰ বিভিন্ন সভা-সমিতিত ইয়াৰ পূৰ্বৰে পৰা অংশগ্ৰহণ কৰাৰ সুযোগ পাইছিলো, বিধায়িনী নিৰ্বাচনত মোৰ মনত পৰাকৈ ১৯৭৭ চনৰ পৰাই অর্থাৎ ছাত্ৰাৱস্থাৰ পৰাই দলীয় প্রচাৰত অংশগ্রহণ কৰি আহিছো ।

শেহতীয়াকৈ কিছুদিন ধৰি আমাৰ দলৰ বিভিন্ন পদবীৰ বাবে অর্থাৎ দলৰ বিভিন্ন সমিতিসমূহ গঠন হওতে বিভিন্ন ধৰণৰ মন্তব্য বিভিন্নজনে দিয়া পৰিলক্ষিত হৈছে । এইবাৰৰ সমিতি গঠনৰ বেলিকাও খুবসম্ভর এবছৰমান পূর্বে দলীয় হাইকমাণ্ডে মোৰ পৰা কেতবোৰ নাম বিচাৰিছিল আৰু মই সেই নামখিনি দিছিলো।

কিন্তু ম‍ই অনিচ্ছাস্বত্বেও নাম দিছিলো, যিহেতু মোৰ মনত এটা বিশ্বাস আছিল যে দলৰ শীর্ষ নেতাসকলে দলীয় কাম-কাজত আত্মনিয়োগ কৰা দলীয় নীতি-আদৰ্শৰ প্ৰতি নিষ্ঠা ৰখা সকলকহে আসন দিব। কিন্তু শেহতীয়াকৈ ঘোষণা হোৱা প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াৰ তালিকাত মই আশা কৰা বিভিন্ন জিলাৰ বহু ব্যক্তির নাম দেখা পোৱা নাই।

যোৱা সময়ছোৱাত দলৰ এজন দায়িত্ব থকা ব্যক্তি হিচাপে বিভিন্ন জিলালৈ দলীয় কাৰ্য্যসূচীত গৈছো আৰু সেইসূত্রে বিভিন্নজনৰ লগত চিনাকী-পৰিচয় হৈছে। এইবাৰৰ তালিকাখনত মই উল্লেখ কৰাৰ দৰে বহুকেইজন জিলা পৰ্যায়ৰ বিষয়ববীয়াক তেওঁলোকৰ কামৰ তীব্ৰতা বঢ়াবলৈ ৰাজ্যিক পৰ্যায়ত স্থান দিব পৰা গ'ল হয়।

দলৰ ভাল দিনত দল-সংগঠ কৰা আৰু দলৰ বেয়া দিনত দলক সমৰ্থন কৰা অথবা দলত যোগদান কৰা সকলৰ প্ৰতি আমি গুৰুত্ব দিয়া উচিত। মই দুটামান উদাহৰণ দিব বিচাৰো কিন্তু চাব গলে বহু উদাহৰণ দিব পাৰি।

শ্ৰী দণ্ডী সোনোৱাল এজন যুৱ কংগ্ৰেছৰ আমাৰ সহকৰ্মী আছিল। পৰৱৰ্তী সময়ত তেওঁ সোনোৱাল কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী পদটো অধিষ্ঠিত হৈছিল। কিন্তু দূর্ভাগ্যজনক ভাবে আমাৰ দিনত গঠন হোৱা কুঁৰিখনতকৈ অধিক স্বায়ত্ত্ব শাসিত পৰিষদৰ উন্নয়ন পৰিষদৰ নেতা-কৰ্মীসকলে ৰাতিটোৰ ভিতৰতে যেতিয়া নিজৰ ৰং সলাই শাসকীয় পক্ষ অর্থাৎ নতুনকৈ গঠন হোৱা বিজেপিৰ পক্ষত গুছি গৈছিল সেইখিনি সময়ত কিন্তু একমাত্র দণ্ডী সোনোৱালে আমাৰ দলৰ প্রতি আস্থা ৰাখি আমাক সহযোগিতা আগবঢ়াই গ'ল।

তেওঁ যোৱা সময়চোৱাত দলীয় কাৰ্য্যসূচীৰ বাবে প্ৰদেশ কংগ্ৰেছে দিয়া সম্পাদকৰ দায়িত্ব মোৰ জিলা আৰু অন্যান্য অঞ্চলত নিষ্ঠাৰে পালন কৰা মই দেখি আহিছিলো। আনকি, শেহতীয়াকৈ ভাৰত জোড়ো যাত্রা অসমত সমাপ্তি হোৱাৰ এদিন পূর্বেও তেওঁ তিনিচুকীয়াত এখন সভাৰ আয়োজন কৰিছিল, য'ত আপুনি মই আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ দায়িত্বপ্রাপ্ত বিষয়ববীয়াসকল উপস্থিত আছিলো।

কিন্তু এইবাৰ সমিতিত তেওঁৰ অন্তৰ্ভুক্তি নোহাৱা কথাটোৱে তেওঁৰ মনত দুখ দিছে আৰু মোক তেওঁ কথাটো অৱগত কৰিছে। অনুৰূপ ধৰণেৰে শ্ৰী শৈলেন সোনোৱাল ডাঙৰীয়াই যোৱা নিৰ্বাচনত আমাৰ কংগ্ৰেছ দলৰ ধেমাজি বিধান সভা সমষ্টিৰ প্রার্থী আছিল।

ইয়াৰ পূর্বে যেতিয়া ধেমাজিত ২০১৬ চনত প্ৰথম উপ-নির্বাচন হৈছিল, সেই সময়তে তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ বিষয়বাব ত্যাগ কৰি আমাৰ দলত যোগদান কৰিছিল। আমাৰ দলত যোগদান কৰাৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টীত ৰাজ্যিক উপ- সভাপতি, ধেমাজী জিলাৰ সভাপতি আদি দায়িত্বত আছিল।

শাসকীয় দলৰ লগত মতানৈক্য হৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে আৰু দলৰ বিভিন্ন কাৰ্য্যসূচীত সহযোগিতা আগবঢ়াই আহিছে। তেখেতে যিহেতু অন্য এটা ৰাষ্ট্রীয় দলৰ ৰাজ্যিক উপ-সভাপতি আছিল, সেয়েহে প্ৰথমৰ পৰা শৈলেন সোনোৱালক কিছু গুৰু দায়িত্ব দিবলৈ দলৰ নেতাসকলক মই অনুৰোধ জনাই আহিছিলো।

কিন্তু যোৱা ৭ বছৰ ধৰি তেখেতক সম্পাদকৰ দায়িত্বতে ৰখা হৈছে। আৰু তেওঁতকৈ পিছত যোগদান কৰা আৰু তলৰ পৰ্যায়ত অন্য দলত থকা অথবা কোনো দলতে নথকা ব্যক্তিয়েও সাধাৰণ সম্পাদকৰ দায়িত্ব গ্রহণ কৰিবলৈ সক্ষম হৈছে। অসমৰ বিভিন্ন জনজাতিসমূহৰ ভিতৰত এই সোনোৱাল কছাৰী জনজাতি ৰাজনৈতিক ভাবে যথেষ্ট অগ্রগামী।

তেওঁলোকৰ জনজাতিৰ শ্রী সর্বানন্দ সোনোৱাল দ্বিতীয়জন মুখ্যমন্ত্রী। গতিকে আমাৰ দলৰ এই জনগোষ্ঠীৰ এজন বিষয়ববীয়াই দায়িত্ব নোপোৱাটো আমাৰ দলৰ বাবে ক্ষতিকাৰক হ'ব পাবে। আনহাতে, ১৯৯৬ চনত যেতিয়া কংগ্ৰেছৰ অসমত বেয়া দিন চলিছিল, সেই সময়ত ৰমন ঝা গণেশগুৰিৰ পাইকাৰী ব্যৱসায়ী সন্থাৰ সাধাৰণ সম্পাদক আছিল আৰু সেই সূত্রে গুৱাহাটী ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছ, যুব কংগ্ৰেছ আৰু এন এছ ইউ আইৰ বিভিন্ন বিষয়ববীয়াই বিভিন্ন সময়ত দলীয় কাৰ্য্যসূচী অনুষ্ঠিত কৰিবলৈ প্রয়োজন হোৱা বিভিন্ন সহায়-সহযোগিতা শ্রী ৰমান ঝাৰ পৰা নিয়মীয়াকৈ সংগ্ৰহ কৰিছিল।

এয়া লাগে আর্থিক সহায় হওঁক অথবা অন্য সামগ্ৰী ৰূপে হওঁক। সেয়েহে ৰমন ঝাকো দলীয় কিছু গুৰু দায়িত্ব দিয়া হ'লে নিশ্চিত ভাৱে দল উপকৃত হ'ল হয়। ইয়াৰ উপৰিও তেওঁ মৈথেলী সমাজ অসমৰ প্ৰাক্তন সভাপতি আৰু এতিয়াও কেইবাটাও হিন্দী ভাষী ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্রোতঃ ভাবে জড়িত।

লগতে মই ভাস্কৰন গোহাঁই নামৰ এজন গুৱাহাটীৰ যুৱকৰ উদাহৰণ দিবলৈ বিচাৰো। ভাস্কৰন গোহাঁই গুৱাহাটী জিলা যুৱ কংগ্ৰেছত ১৯৯৯ চনৰ পৰা বহুদিন ধৰি সভাপতি হৈ আছিল। পৰবৰ্তী সময়ত প্রদেশ যুৱ কংগ্ৰেছৰ বিষয়ববীয়াও আছিল। ইয়াৰ উপৰিও তেওঁ সদৌ অসম অন্যান্য পিছপৰা সম্প্ৰদায়ৰ একেৰাহে ১৮ বছৰ যুৱ সম্মিলনীৰ সভাপতি হিচাপেও গোটেই অসমৰ অন্যান্য পিছপৰা যুৱকসকলৰ লগত সাংগাঠনিক কামত জড়িত আছিল।

কিন্তু পৰবর্তী সময়ত তেওঁক আমাৰ দলৰ কোনো ধৰণৰ কাম-কাজত জড়িত কৰা হোৱা নাই। গতিকে তেওঁক জড়িত কৰিলে নিশ্চয়কৈ আহোমকে আদি কৰি ছয় জনগোষ্ঠীৰ আৰু অন্যান্য জনগোষ্ঠীৰ মাজত আমি কাম কৰাৰ অধিক সুযোগ পালেহেতেন।

ইয়াৰ লগতে নলবাৰী, শিৱসাগৰ আৰু অন্যান্য আদি জিলাৰ কর্মী, যি সকলে দলৰ বাবে যোৱা সময়চোৱাত জিলাসমূহত অন্যান্য কাম কৰিছে তেওঁলোকৰ দুই-তিনিজন ব্যক্তিকো দায়িত্ব দিব পৰা হ'লে নিশ্চিত ভাবে সংগঠন অধিক দৃঢ় হ'ল হয়। প্রয়োজন সাপেক্ষে যোৱা সময়চোৱাত কাম কৰাৰ সুযোগ পোৱা কিন্তু ভাল ধৰণেৰে কাম নকৰা কিছু বিষয়ববীয়াক ৰাজ্যিক দায়িত্বৰ পৰা অব্যাহতি দি জিলা অথবা বিভিন্ন বিভাগৰ দায়িত্ব অর্পন কৰিব পৰা গ'লহেতেন।

কথাখিনি অসমৰ বিভিন্ন অঞ্চলৰ কেতবোৰ ব্যক্তিয়ে এই সন্দৰ্ভত আপোনাক অৱগত কৰাবলৈ জনোৱাৰ বাবে আজি মই এই পত্ৰৰ জড়িয়তে জনালো।

পুনৰ শুভেচ্ছাৰে

দেৱব্ৰত শ‍ইকীয়া

এখন পত্ৰই জোকাৰিছে কংগ্ৰেছকঃ নিষ্ঠাবান কৰ্মীৰ সপক্ষে থিয় দিছে দেৱব্ৰত শইকীয়া...
গুৱাহাটীত স্পিক-মেকে-ৰ 'শ্ৰুতি অমৃত': আহিব ৱাৰ্চি ব্ৰাদাৰ্চ,পণ্ডিত হৰি প্ৰসাদ চৌৰাচিয়া...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in