ভাল খবৰ পাব ভৱেশ কলিতাই...

২০২৬ চনৰ বিধানসভা নিৰ্বাচনলৈ মাজত আছে মাত্ৰ এটা বছৰ। এনে পৰিস্থিতিত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ চৰ্চা হৈছে। কিয়নো এতিয়াও খালী হৈ আছে অসম মন্ত্ৰী সভাত এটা পদ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ভাল খবৰ পাব পাব ভৱেশ কলিতাই...

ডিজিটেল ডেস্কঃ এডভাণ্টেজ আছাম ২.০ ৰ পূৰ্বেই অসম মন্ত্ৰীসভাৰ চমু সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনাক লৈ চৰ্চা অব্যাহত আছে। কিছু দিন পূৰ্বে অসম মন্ত্ৰীসভাত বৰাকৰ দুজন আৰু উজনিৰ দুজন বিধায়কক নতুনকৈ অন্তৰ্ভুক্ত কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিছিল যদিও এটা মন্ত্ৰীৰ পদ এতিয়াও খালী হৈ আছে।

Advertisment

এই খালী পদত কাক নিযুক্তি দিয়ে সেয়া এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনলৈ মাজত আছে মাত্ৰ এটা বছৰ। এনে পৰিস্থিতিত তেওঁ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিব নে নকৰে তাক লৈয়ো চৰ্চা হৈছে।

ৰাজনৈতিক মহলত হোৱা চৰ্চা অনুসৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই মন্ত্ৰীসভাত সদ্য প্ৰাক্তন বিজেপি সভাপতি ভৱেশ কলিতাৰ বাবেই এটা পদ খালী কৰি ৰাখিছে। উল্লেখ্য যে, ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণৰ পূৰ্বে ভৱেশ কলিতাই সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভাত জলসিঞ্চনৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰিছিল। তেওঁৰ নেতৃত্বতে দলে বিধানসভা, লোকসভাকে ধৰি কেইবাটাও নিৰ্বাচনত সফলতা অৰ্জন কৰিছিল। 
সেয়ে স্বাভাৱিকতে তেওঁকেই পুনৰ এবাৰ ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে দায়িত্ব দিব বুলিয়েই ধাৰণা কৰিছিল ভিন্নজনে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো মুকলিকৈয়ে ২০২৬ লৈকে ভৱেশ কলিতাই ৰাজ্যিক বিজেপিক নেতৃত্ব দিব বুলিও কৈছিল। কিন্তু পৰৱৰ্তী সময়ত শেষ মুহূৰ্তত ৰাষ্ট্ৰীয় নেতৃত্বই ভৱেশ কলিতাক সভাপতি পদৰ পৰা আঁতৰাই সাংসদ দিলীপ শইকীয়াক বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব দিয়ে।

এনে পৰিস্থিতিত কিছু বিব্ৰতও হৈছে ভৱেশ কলিতা। শেহতীয়াকৈ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ হৈ থকা চৰ্চাৰ মাজতে সাংবাদিকে ভৱেশ কলিতাৰ নাম চৰ্চাত থকাৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ এই বিষয়ে কোনো কথাই নাজানে বুলিও স্পষ্ট কৰি দিছে। কিন্তু খবৰ অনুসৰি খালী হৈ থকা মন্ত্ৰীপদ ভৱেশ কলিতাই যে লাভ কৰিব সেয়া প্ৰায় নিশ্চিত।

ইফালে আন এক চৰ্চা অনুসৰি প্ৰাক্তন সভাপতি ভৱেশ কলিতাক কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যসভাৰ সাংসদ হিচাপে দিল্লীলৈ নিবলৈ বিচাৰিছে। কিন্তু ভৱেশ কলিতাই দিল্লীৰ পৰিবৰ্তে ৰাজ্যৰ ৰাজনীতিতহে সক্ৰিয় হৈ থকাৰ প্ৰতি আগ্ৰহী। এনে পৰিস্থিতিত ভৱেশ কলিতাৰ পৰৱৰ্তী ৰাজনৈতিক সংস্থাপন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিছে।

উল্লেখ্য যে, আৰ এছ এছৰ সৈতে ভৱেশ কলিতাৰ আছে পুৰণি সম্পৰ্ক। তাৰোপৰি ভৱেশ কলিতাই দলটোৰ ভিতৰ চৰাত চলি থকা লবী কেন্দ্ৰীক ৰাজনীতিৰ মাজত নিজকে সুৰক্ষিত এক স্থানত ৰাখিবলৈ সক্ষম হৈছে। সততে চৰ্চিত হিমন্ত পন্থী অথবা সৰ্বা পন্থী বিধায়কৰ টেগ এতিয়ালৈ লগা নাই কলিতাৰ ওপৰত।

ইফালে সমষ্টিসমূৰ মাজত মন্ত্ৰীৰ তালিকাৰ প্ৰতি লক্ষ্য কৰিলে দেখা যায় কামৰূপ আৰু কামৰূপ গ্ৰাম্য জিলাক সামৰি কেইবাটাও সমষ্টিক সামৰি এক বৃহৎ অঞ্চলত নাই এজনো মন্ত্ৰী। মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিক বাদ দি বকো, ছয়গাওঁ, হাজো, কমলপুৰ, ৰঙিয়া, পলাশবাৰী, দিছপুৰ, পূৱ গুৱাহাটী, পশ্চিম গুৱাহাটী আদি সমষ্টিয়ে সামৰি লোৱা এক বৃহৎ অঞ্চলত নাই এজনো মন্ত্ৰী। অৱশ্য মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত এই নীতিয়ে বৰ বিশেষ গুৰুত্ব লাভ নকৰিব।

কিন্তু বিজেপিৰ সদ্য প্ৰাক্তন ৰাজ্যিক সভাপতি হোৱাৰ বাবেই প্ৰাপ্য সন্মান দিয়াৰ বাবে হয়তো মুখ্যমন্ত্ৰীয়ে ভৱেশ কলিতাকেই খালী হৈ থকা মন্ত্ৰী পদত নিয়োগ কৰিব। সকলো ঠিকেই থাকিলে এডভাণ্টেজ আছাম ২.০ ৰ পূৰ্বেই শপত ল’ব কলিতাই।   

 

ড০ হিমন্ত বিশ্ব শৰ্মা অসম মন্ত্ৰী ভৱেশ কলিতা