সচিবালয়ত বিধায়কে প্ৰহাৰ কৰিলে বিশেষ ভাৱে সক্ষম কৰ্মচাৰীক…

সচিবালয়ত বিধায়কে প্ৰহাৰ কৰিলে বিশেষ ভাৱে সক্ষম কৰ্মচাৰীক…

author-image
asomiyapratidin
New Update
ৰাজ্যৰ ৬৫ গৰাকীৰো অধিক এ চি এছ বিষয়াক পদোন্নতি, কেইবাজনকো বদলি…

ডিজিটেল ডেস্কঃ জনতা ভৱনত সংঘটিত হৈছে উত্তেজনাময় পৰিস্থিতি। জনপ্ৰতিনিধিয়ে সচিবালয়ৰ কৰ্মচাৰীক প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই উত্তপ্ত পৰিস্থিতিৰ।

জানিব পৰা মতে বুধবাৰে চিদলি সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে প্ৰহাৰ কৰে সচিবালয়ৰ এজন কৰ্মচাৰীক। পৰিবহন বিভাগৰ সচিবৰ কাৰ্যালয়ৰ কৰ্মচাৰী বিভূতি ভট্টাচাৰ্যক বিধায়কজয়ন্ত বসুমতাৰীয়ে প্ৰহাৰ কৰাত পৰিস্থিতি উত্তাল হৈ পৰে।

উল্লেখ্য যে বিধায়ক জয়ন্ত বসুমতাৰীয়ে প্ৰহাৰ কৰা কৰ্মচাৰী বিভূতি ভট্টাচাৰ্য বিশেষ ভাৱে সক্ষম। ঘটনাক কেন্দ্ৰ কৰি সচিবালয়ৰ কৰ্মচাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰি বিধায়ক জয়ন্ত বসুমাতাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে।