১ লাখ নিবনুৱাৰ ভিতৰত যতীন বৰাই পালে প্ৰথম নিযুক্তি…

১ লাখ নিবনুৱাৰ ভিতৰত যতীন বৰাই পালে প্ৰথম নিযুক্তি…

author-image
asomiyapratidin
New Update
১ লাখ নিবনুৱাৰ ভিতৰত যতীন বৰাই পালে প্ৰথম নিযুক্তি…

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল ১ লাখ নিবনুৱাক হিচাপ কৰি কৰি চাকৰি দিব। অসম বিধানসভাৰ মজিয়াত তেওঁ সদম্ভে ঘোষণা কৰিছিল চৰকাৰ গঠনৰ এটা বছৰৰ ভিতৰত তেওঁ ১ লাখতকৈ এজনো কম নোহোৱাকৈ তেওঁ নিবনুৱাক সংস্থাপন দিব। প্ৰয়োজনত ১ লাখতকৈ ২, ৩ জনক বেছিকৈহে সংস্থাপন দিব।

Advertisment

কিন্তু চৰকাৰৰ গঠনৰ ৯ মাহ অতিক্ৰম কৰাৰ পিছতো ৰাজ্যৰ নিবনুৱাই সংস্থাপনৰ বাবে চৰকাৰৰ নিযুক্তিলৈ অপেক্ষা কৰিবলগীয়া হৈছে। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৬০ হাজাৰ পদ বাবে ইতিমধ্যে বাচনি পক্ৰিয়া আৰম্ভ হৈছে বুলি কোৱাৰ লগে লগে বিতৰ্কৰ সূচনা হৈছে।

ক'ত, কেতিয়া, কেনকৈ এই ৬০ হাজাৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পালে বা নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিত হ'ল সেই বিষয়ে কোনো তথ্য নাই। সেয়েহে মুখ্যমন্ত্ৰীৰ মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে ধিংৰ বিধায়ক আমিনুল ইছলামে ৬০ হাজাৰ নিযুক্তিৰ প্ৰসংগত কয় যে, নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যতীন বৰাক সংস্থাপনম দি উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে।

তেওঁ কয় যে ১ লাখ নিবনুৱাৰ ভিতৰত প্ৰথমেই যতীন বৰাই নিযুক্তি লাভ কৰিলে। যতীন বৰাক এ পি ডি চি এলত ভাল পদবী দি নিবনুৱাক সংস্থাপন দিয়াৰ ক্ষেত্ৰত যথেষ্ট আগুৱাই গৈছে। অৱশ্যে তেওঁ চৰকাৰৰ কেইটামান বিভাগত কেইটামান পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া চলি আছে বুলি প্ৰকাশ কৰিছে।

assam himanta biswa sarma bjp ১ লাখ নিবনুৱাৰ ভিতৰত যতীন বৰাই পালে প্ৰথম নিযুক্তি