মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াৰ পাছতেই ছীল কৰা হ’ল গোৱালপাৰাৰ মিঞা মিউজিয়াম

ছীল কৰা হ’ল গোৱালপাৰা লক্ষীপুৰৰ মিঞা মিউজিয়াম । গোৱালপাৰা প্রশাসনে ছীল কৰিলে বিতৰ্কিত মিঞা মিউজিয়ামটো।

author-image
Asomiya Pratidin
New Update
নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অহাৰ পথত দুৰ্ঘটনাঃ নিহত ৫ জন...

dangor khabar

ডিজিটেল ডেস্ক: ছীল কৰা হ’ল গোৱালপাৰা লক্ষীপুৰৰ মিঞা মিউজিয়াম । গোৱালপাৰা প্রশাসনে ছীল কৰিলে বিতৰ্কিত মিঞা মিউজিয়ামটো। কিছুদিন পূৰ্বে খুলিছিল মিঞা মিউজিয়াম আৰু তাৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ।

Advertisment

মঙলবাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পাছতেই ছীল কৰা হ'ল মিউজিয়ামটো। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ''এইটো কি মিউজিয়াম মই বুজি নাপালো। নাঙল অসমীয়া মানুহৰ, আৰু মাছ মৰা সামগ্ৰী সমূহ অনুসূচিত জাতিৰ সন্মানীয় লোকে ইয়াক অতীজৰে পৰা ব্যৱহাৰ কৰি আছে''।

লুঙী খনৰ বাহিৰে তাত কি নতুনত্ব আছে বুলি প্ৰশ্ন মুখ্যমন্ত্ৰী শৰ্মাৰ। লগতে কয় যে ''অসমীয়া সামগ্ৰী লৈ মিঞা মিউজিয়াম পাতিলে গোচৰ হ'ব। অসমৰ বুদ্ধিজীৱি লোকে চিন্তা কৰাৰ সময় হ'ল । মিঞা স্কুল, মিঞা মিউজিয়াম হ'ল। গতিকে এই প্ৰত্যাহ্বান সমূহৰ বিষয়ে চিন্তা কৰা উচিত''।

তদুপৰি এইবোৰ খুলিব বাবে টকা ক'ত পাইছে সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰিব বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীয়ে মিঞা মিউজিয়ামৰ বিৰুদ্ধে সৰৱ হৈ পৰে আৰু জাতিৰ বাবে সংকট বুলি কয়। লগতে ইয়াক কেনেদৰে ৰক্ষা কৰিব পাৰি তাক লৈ অসমীয়া জাতিয়ে চিন্তা কৰিব লাগে বুলি কয় মুখ্যমন্ত্ৰীয়ে।

assam HIMANATA BISWA SARMA