মিথুন গেট হ’ব পাৰে অসম-অৰুণাচল সীমান্তৰ নতুন সীমাৰেখা…

মিথুন গেট হ’ব পাৰে অসম-অৰুণাচল সীমান্তৰ নতুন সীমাৰেখা…

author-image
asomiyapratidin
New Update
মিথুন গেট হ’ব পাৰে অসম-অৰুণাচল সীমান্তৰ নতুন সীমাৰেখা…

ডিজিটেল ডেস্ক : অসমৰ ওদালগুৰি আৰু শোণিতপুৰ জিলাৰ সৈতে অৰুণাচলৰ পশ্চিম কামেং জিলাৰ মাজত চলি অহা সীমা বিবাদৰ অন্ত পেলাবলৈ দুয়ো ৰাজ্যৰ মন্ত্ৰী ক্ৰমে অশোক সিংহাল আৰু নাকাপ নালো মিলিত হৈছিল এক বৈঠকত। ভালুকপুঙত হোৱা এই বৈঠকত দুয়ো মন্ত্ৰীয়ে স্থানীয় নেতা আৰু নাগৰিকৰ উপস্থিতিত পৰিদৰ্শন কৰে অসম-অৰুণাচল সীমান্তৰ কামেংবাৰী গাওঁ।

উল্লেখ্য যে, কামেংবাৰী বিবাদ সন্দৰ্ভত দুয়ো ৰাজ্যৰ নেতৃত্বই শোণিতপুৰ আৰু পশ্চিম কামেঙৰ জিলা উপাধক্ষ্য দুগৰাকীৰ নেতৃত্বত এই যুটীয়া জৰীপৰ জৰিয়তে পৰৱৰ্তী পদক্ষেপ ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰে। এনে অৱস্থাত সীমান্তৱৰ্তী মিথুন গেট হ'ব পাৰে নতুন সীমাৰেখা। যদিও, ইতিমধ্যেই মিথুন গেটক দুয়ো ৰাজ্যই ইতিমধ্যেই সীমাৰেখা হিচাপে গ্ৰহণ কৰাৰ সম্ভাৱনা অধিক যদিও এই সন্দৰ্ভত দুয়ো চৰকাৰে সহমত প্ৰকাশ কৰিব লাগিব । শুক্ৰবাৰে সন্ধিয়া হোৱা এই আলোচনাত দীৰ্ঘদিন ধৰি চলি অহা সীমা বিবাদৰ সমাধান কৰিব বুলি আশা প্ৰকাশ কৰিছে দুয়ো ৰাজ্যৰ নেতৃত্বই। ইয়াৰ ওপৰিও অহা ১৫ ছেপ্তেম্বৰৰ পূৰ্বে ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰীক দাখিল কৰিব লাগিব প্ৰতিবেদন।

আৰু পঢ়ক :"ৰাহুলৰ বাবে কংগ্ৰেছ ধ্বংস হ'ল" পুনৰ জ্যেষ্ঠ নেতাৰ দল ত্যাগ…

assam arunachal ashok singhal