/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/a5344d64-bbad-4269-b0ab-20de9f8499cf/mithila.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ "আন্তঃৰাজ্যিক জীৱনধাৰণত ছাত্ৰ-ছাত্ৰীৰ অভিজ্ঞতা {Student Experience in Inter-State Living (SEIL)}" শীৰ্ষক এক কাৰ্যসূচীৰ অধীনত আজি বটদ্ৰৱা থানলৈ আগমন ঘটে বিহাৰৰ শ্বেতনিশা শাণ্ডিল্য নামৰ এগৰাকী ছাত্ৰীৰ। আন্তঃৰাজ্যিক জীৱনধাৰণত ছাত্ৰ-ছাত্ৰীৰ অভিজ্ঞতা কাৰ্য্যসূচীৰ দ্বাৰা 1966 চনৰ পৰা এবিভিপিয়ে ভাৰতৰ প্ৰতিজন শিক্ষাৰ্থীৰ মাজত একতাৰ অনুভূতি জাগ্ৰত কৰাৰ লগতে উত্তৰ-পূব ভাৰত আৰু ৰাষ্ট্ৰৰ অন্য প্ৰান্তৰ যুৱক-যুৱতীসকলৰ মাজত ভাতৃত্ববোধ কঢ়িয়াই অনাৰ লক্ষ্য হাতত লৈছিল।
এই লক্ষ্য অনুসৰি, অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বৈচিত্ৰময় সংস্কৃতি তথা ইয়াৰ ভৌগোলিক, সাংস্কৃতিক, সামাজিক পৰিবেশৰ বুজ ল'বলৈ তথা অধ্যয়ন কৰা হেতুকে এইবেলি বহিৰাজ্যৰ পৰা ৭৫ গৰাকী শিক্ষাৰ্থী অসম প্ৰদেশলৈ পৰিভ্ৰমণৰ বাবে আহিছে। তেওলোকে ক্ষেত্ৰ অধ্যয়ন, পৰিভ্ৰমণৰ জৰিয়তে, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাকৃতিক তথা ভৌগোলিক পৰিবেশৰ বুজ লোৱাৰ বাবে অসমৰ বিভিন্ন ঠাই পৰ্যবেক্ষণ কৰাৰ উপৰিও, ৰাজ্যৰ বিভিন্ন মঠ-মন্দিৰ, সত্ৰ, নামঘৰ আদি পৰিভ্ৰমণ কৰি আছে।
তাৰেই অংশ হিচাপে বিহাৰৰ ললিত নাৰায়ণ মিথিলা বিশ্ববিদ্যালয়় (Lalit Narayan Mithila University) ৰ ছাত্ৰী শ্বেতনিশা শাণ্ডিল্যই আজি বটদ্ৰৱা থান দৰ্শন কৰে। অসমীয়া চাদৰ মেখেলা পিন্ধি বটদ্রৱা থানত উপস্থিত হৈ শিক্ষাৰ্থী গৰাকীয়ে গুৰু জনাৰ প্রাচীন কীৰ্তি চিহ্ন আকাশী গংগাৰ নৈসৰ্গিক শোভা, কীৰ্তনঘৰ, পুৰণি শিলিখা বৃক্ষ, প্রাচীন স্থাপত্য শিল্প, পাদশিলা, টেম্বুৱানী জান ইত্যাদি নয়ন ভৰি উপভোগ কৰাৰ লগতে বটদ্ৰৱা থানৰ ভকত সকলৰ সৈতে মত বিনিময়ো কৰে।
ভাৰতৰ প্ৰাচীনতম সংস্কৃতি, সভ্যতাক সমগ্ৰ বিশ্বত পৰিচয় কৰাই দিয়াৰ মানসেৰে একাগ্ৰতাৰে কাম কৰি থকা ছাত্ৰীগৰাকীয়ে বটদ্রৱা থান খনিক হৃদয়ৰ মানসপটত আজীৱন জীপাল কৰাৰ মানস কৰি পুনৰ আগমনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। বটদ্রৱা থান দৰ্শন কালত ছাত্ৰী গৰাকীক সংগ দিয়ে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নগাঁও জিলাৰ সাংগঠনিক সম্পাদক তুষাৰ ভৌমিক, মাধূৰ্য্য প্ৰতিম শইকীয়া, মৃদুপৱন নাথ, চন্দ্ৰামিকা কলিতাকে আদি কৰি কেইবাগৰাকী যুৱক-যুৱতীয়ে।