বিশিষ্টা সমাজসেৱিকা গায়ত্ৰী হাজৰিকালৈ মিতালী সংঘৰ সম্বৰ্ধনা...

বুধবাৰে মিতালী সংঘৰ জন্ম লগ্নৰে পৰা জড়িত বয়োজ্যেষ্ঠা সদস্যা গায়ত্ৰী হাজৰিকাক তেখেতৰ ওপজা দিনত সম্বৰ্ধনা জনোৱা হয়

author-image
Asomiya Pratidin
New Update
বিশিষ্টা সমাজসেৱিকা গায়ত্ৰী হাজৰিকালৈ মিতালী সংঘৰ সম্বৰ্ধনা...

mitali sangha

ডিজিটেল ডেস্ক : ২ নৱেম্বৰ ২০২২ বুধবাৰে মিতালী সংঘৰ জন্ম লগ্নৰে পৰা জড়িত বয়োজ্যেষ্ঠা সদস্যা গায়ত্ৰী হাজৰিকাক তেখেতৰ ওপজা দিনত সম্বৰ্ধনা জনোৱা হয়। ১৯৬৯ চনৰ পৰা সমাজসেৱী অনুষ্ঠানৰূপে অগ্ৰণী আৰু গৰিমা মণ্ডিত মিতালী সংঘৰ লগত নিবিড়ভাৱে জড়িত হৈ বলিষ্ঠ পদক্ষেপেৰে গুৰি বঠা ধৰি আহিছে। সমাজসেৱী গায়ত্ৰী হাজৰিকাৰ নিষ্ঠা, একাগ্ৰতা, শ্ৰম আৰু দূৰদৰ্শিতা তথা সমদৃষ্টিসম্পন্ন আদৰ্শ সংঘৰ সদস্যা সকলৰ চিৰ পাথেয় হৈ ৰ'ব।

Advertisment

সম্পাদিকা দীপা বৰুৱাৰ গণেশ বন্দনাৰে আৰম্ভ কৰা শুভ অনুষ্ঠানটিত সভানেত্ৰী শ্ৰীমতী মীনা ভূঞাই আদৰণী ভাষণ প্ৰদান কৰে। মীনা ভূঞাই জীৱন যোৰা সাধনাৰে মিতালী সংঘক গঢ় দিয়া গায়ত্ৰী হাজৰিকাক এখনি উমাল শ্বলেৰে সম্বৰ্ধনা জ্ঞাপন কৰি তেখেতৰ ওপজা দিনত সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।

শ্ৰীমতী আৰতি শৰ্মা, ইন্দিৰা ভূঞা, ৰীনা শৰ্মা,নীনা দত্ত আৰু নীলিমা ভট্টাচাৰ্যই গায়ত্ৰী হাজৰিকাৰ লগত মিতালী সংঘৰ উন্নতিৰ হকে, সমাজৰ পিছপৰা মহিলাৰ বাবে কেনেদৰে কাম কৰি আহিছে বিৱৰণ দাঙি ধৰে। মিতালী সংঘৰ জন্ম লগ্নৰে পৰা গায়ত্ৰী হাজৰিকাৰ অনবদ্য অৱদানৰ বিষয়ে সকলোৱে দুআষাৰ কয়।

বেলি গোস্বামীৰ গীতে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। ক্ৰমে অঞ্জলি শৰ্মা, উৰ্বশী ডেকা, ৰূপৰেখা কলিতাই গায়ত্ৰী হাজৰিকাৰ বিষয়ে স্বৰচিত কবিতা পাঠ কৰি গায়ত্ৰী হাজৰিকাক অভিভূত আৰু আপ্লুত কৰি তোলে। গায়ত্ৰী হাজৰিকাই তেখেতৰ বক্তব্যত কয় যে সদস্যা সকলৰ উৎসাহ উদ্দীপনাই মিতালী সংঘক উন্নতিৰ শিখৰত উপনীত কৰিব বুলি তেখেতৰ দৃঢ় বিশ্বাস।

শেষত সম্পাদিকা দীপা বৰুৱাই গায়ত্ৰী হাজৰিকাক তেখেতৰ অমূল্য সময় ব্যয় কৰি মিতালী সংঘত উপস্থিত হৈ সকলোকে উৎসাহ উদ্দীপনা যোগোৱাৰ উদ্দেশ্যে তেখেত আৰু পৰিয়াললৈ কৃতজ্ঞতা জ্ঞাপন কৰে । লগতে গায়ত্ৰী হাজৰিকাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি সকলো সদস্যা লৈ শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানৰ সামৰণি ঘোষণা কৰে।

assam mitali sangha social worker