বিহপুৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জয় প্ৰকাশ মহন্তক মিচন বসুন্ধৰা বঁটা প্ৰদান...

বিহপুৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জয় প্ৰকাশ মহন্তক মিচন বসুন্ধৰা বঁটা প্ৰদান...
বিহপুৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জয় প্ৰকাশ মহন্তক মিচন বসুন্ধৰা বঁটা প্ৰদান...

ডিজিটেল সংবাদ, বিহপুৰীয়া : বিহপুৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জয় প্ৰকাশ মহন্তক আজি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে মিচন বসুন্ধৰা বটাঁ প্ৰদান কৰাত বিহপুৰীয়া বাসীয়ে সন্তোষ প্ৰকাশ কৰিছে ৷

এগৰাকী প্ৰশাসনিক বিষয়া হিচাবে জয় প্ৰকাশ মহন্তই বিহপুৰীয়া ৰাজহ চক্ৰত চক্ৰ বিষয়া হিচাবে যোগদান কৰাৰ পিছৰে পৰা বৃহত্তৰ বিহপুৰীয়াৰ ৰাজহ সম্পৰ্কীয় বিষয়ৰ লগতে প্ৰায় বিলাক সমস্যাই দ্ৰুত গতিত সমাধান হৈছিল । সম্প্ৰতি এগৰাকী ৰাজহ চক্ৰ বিষয়া হিচাবে চৰকাৰী প্ৰতিটো কামেই নিষ্ঠা আৰু সততাৰে আগুৱাই লৈ যোৱা জয় প্ৰকাশ মহন্তই বিহপুৰীয়াৰ সমাজ জীৱনৰ লগতো ওতঃপ্ৰোতঃভাৱে জড়িত হৈ সেৱা আগবঢ়াই ৰাজহুৱা অনুষ্ঠান সমূহ উত্তৰণত বিশেষ ভূমিকা গ্ৰহণ কৰিছে ৷

বিষয়া গৰাকীয়ে এই বঁটা গ্ৰহণ কৰাৰ পিছতে সমগ্ৰ বিহপুৰীয়াবাসী উৎফুল্লিত হৈ পৰিছে ৷ উল্লেখযোগ্য যে ৰাজহ চক্ৰ বিষয়া গৰাকীৰ নেতৃত্বত মিচন বসুন্ধৰা ২.০ ৰ অধিনত ২৬৩৩ গৰাকী লোকক মাটিৰ পট্টা প্ৰদান কৰাৰ লগতে ৰাজহ সম্পৰ্কীয় সকলো ধৰণৰ সমস্যা সততাৰে সমাধান কৰিছিল ৷

মিচন বসুন্ধৰাৰ অধীনত সকলো সমস্যাই চৰকাৰী নীতি নিদেৰ্শনা মানি সময়মতে সমাধান কৰাত আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই “মিচন বসুন্ধৰা”বটাঁ প্ৰদান কৰিলে ৰাজহ চক্ৰ বিষয়া গৰাকীক ৷ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুস্থিত “মিচন বসুন্ধৰা ৩.০” শুভাৰাম্ভনি অনুষ্ঠানত বটাঁ গ্ৰহণ কৰি ৰাজহ চক্ৰ বিষয়া জয় প্ৰকাশ মহন্তই মিচন বসুন্ধৰা ২.০ সফল কৰাত বিহপুৰীয়াবাসীৰ সহযোগিত শলাগ লোৱাৰ লগতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে

৷ পৰৱৰ্তী মিচন বসুন্ধৰা ৩.০সফল কৰাত বিহপুৰীয়াবাসীৰ সহযোগিতা কামনা কৰে বিষয়া গৰাকীয়ে ৷ ইপিনে বিগত সময়তো বিহপুৰীয়াৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ এগৰাকী মণ্ডলো ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সন্মানিত হৈছিল ৷ ৰাজহ চক্ৰ বিষয়া জয় প্ৰকাশ মহন্তক অসম চৰকাৰে বটাঁ প্ৰদান কৰি সন্মানিত কৰাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে বিহপুৰীয়াবাসীয়ে।

বিহপুৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জয় প্ৰকাশ মহন্তক মিচন বসুন্ধৰা বঁটা প্ৰদান...
তামুলপুৰত বনৰীয়া হাতীৰ দাঁতসহ এজন চোৰাং চিকাৰীক আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in