মঙলদৈত মছজিদ নিৰ্মাণৰ বাবে কোটি টকীয়া ভূমি দান হিন্দু পৰিয়ালৰ

যিসময়ত একাংশ লোকে বিভেদৰ বীজ সিঁচি সাতামপুৰুষীয়া ঐক্য - সংহতি বিনষ্ট কৰাৰ বাবে সততে সক্ৰিয়তা অৱলম্বন কৰি আহিছে। কিন্তু মঙলদৈত দেখা গ'ল আন এক ঘটনা।
মঙলদৈত মছজিদ নিৰ্মাণৰ বাবে কোটি টকীয়া ভূমি দান হিন্দু পৰিয়ালৰ

ডিজিটেল সংবাদ, মঙলদৈ: যিসময়ত একাংশ লোকে বিভেদৰ বীজ সিঁচি সাতামপুৰুষীয়া ঐক্য - সংহতি বিনষ্ট কৰাৰ বাবে সততে সক্ৰিয়তা অৱলম্বন কৰি আহিছে; ঠিক সেই সময়তে মঙলদৈ চহৰৰ মাজমজিয়াত এটা পৰিয়ালে গঢ়িলে সমন্বয়ৰ সেঁতু। আচৰিত হ'লেও সত্য যে, মঙলদৈ ১ নং ৱাৰ্ডৰ মহাত্মা গান্ধী পথৰ নিৱাসী দুই ভাতৃ - ভগ্নী ক্ৰমে নিলোৎপল দাস আৰু বিজিতা সৰকাৰে আনুষ্ঠানিকভাৱে মঙলদৈ সদৰ জাম্মে মছজিদৰ নামত দান কৰে ৯ লেচা ভূমি।

মঙলদৈ লক্ষীনাথ বেজবৰুৱা পথত থকা এই মছজিদলৈ দান কৰা এই ভূমি খিনিৰ বৰ্তমানৰ বজাৰ মূল্য এক কোটি টকাৰো অধিক। তাৎপৰ্যপূৰ্ণ যে, নিলোৎপল দাস এজন ক্ষুদ্ৰ ব্যৱসায়ী আৰু বিজিতা সৰকাৰ গৃহিণী। ১৯৩৪ চনত মঙলদৈ সদৰ জাম্মে মছজিদৰ বাবে মাটিৰ প্ৰয়োজন হোৱাত মঙ্গললাল দত্তই মৌখিক ভাৱে ৯ লেচা মাটি ব্যৱহাৰ কৰিব দিছিল মছজিদ পৰিচালনা সমিতিক।

মঙ্গললাল দত্তৰ মৃত্যুৰ পিছত সেই ভূমি খিনি তেওঁৰ তিনি কন্যা বীণাপাণি সিংহ ৰয়, কল্যাণী দত্ত, কমলা দত্ত দাসৰ নামত নামজাৰি হয় আৰু তেওঁলোকেই খাজানা দি আহিছিল। আনকি এই তিনি ছোৱালীৰ মৃত্যুৰ পিছত বীণাপানি সিংহৰ কন্যা বিজিতা সৰকাৰ আৰু কমলা দত্তৰ পুত্ৰ নিলোৎপল দাসৰ নামত মাটিখিনি নামজাৰি হৈছিল। আনহাতে কল্যাণী দত্ত অবিবাহিত হোৱাৰ বাবে তেওঁৰ কোনো সতি সন্ততি নাছিল।

তাৎপৰ্যপূৰ্ণ যে, বিজিতা সৰকাৰৰ স্বামী গৌতম সৰকাৰে বৰ্তমানেও খাজানা আদায় দি আছে। এনে সময়তে মাটিৰ কামকাজ শিথিল কৰাৰ বাবে চৰকাৰে আৰম্ভ কৰা বসুন্ধৰা আঁচনিৰ সুযোগ লৈ মঙলদৈ সদৰ জাম্মে মছজিদ পৰিচালনা সমিতিয়ে মঙলদৈ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মাটিখিনি মছজিদৰ নামত নামজাৰি কৰাৰ বাবে আবেদন কৰাৰ পিছত ৰাইজৰ মাজত প্ৰকৃত ৰহস্য উন্মোচিত হয়।

কিয়নো মছজিদ পৰিচালনা সমিতিৰ অধিকাংশ সদস্য মাটিখিনিৰ গৰাকী যে বিজিতা সৰকাৰ আৰু নিলোৎপল দাস সেয়া জনা নাছিল। এই ক্ষেত্ৰত অৱগত হোৱাৰ পিছত মছজিদ পৰিচালনা সমিতিয়ে পৰিয়ালটোৰ লগত যোগাযোগ কৰাত 'আমাক কোনো বিনিময় নিদিয়াৰ প্ৰতিশ্ৰুতি দিলেহে আমি মাটিখিনি হস্তান্তৰ কৰি দিম' বুলি মছজিদ পৰিচালনা সমিতিক জনাই দিয়ে।

তেওঁলোকে লগতে 'মাটিৰ বিনিময় লৈ আমাৰ স্বৰ্গগত মাতৃ, ককাৰ আত্মাক আঘাত কৰিব নিবিচাৰো লগতে আমাৰ মাজত সাতামপুৰুষীয়া ঐক্য সংহতি, ভাতৃত্ববোধ সদায় অটুট থাকক' বুলি উল্লেখ কৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ সন্মুখত আপত্তিবিহীন পত্ৰত চহী কৰে। যাৰফলত ১৬৩৪ দাগৰ ৯ লেচা মাটি মঙলদৈ সদৰ জাম্মে মছজিদৰ নামত আনুষ্ঠানিকভাৱে হস্তান্তৰ হয়।

এনেদৰে অতি সহজতে ৮৯ বছৰৰ পিছত মাটিখিনি আনুষ্ঠানিকভাৱে মছজিদৰ নামত হস্তান্তৰ কৰি দিয়ে। আৰ্থিকভাৱে বহু ধনৱন্ত নহ'লেও বিজিতা আৰু নিলোৎপলে এইহেন দিনত কোটি টকীয়া মূল্যৰ মাটিখিনি কোনো বিনিময় নোলোৱাকৈ মছজিদৰ নামত আগবঢ়োৱা কাৰ্যই এতিয়াও যে সমাজত ভাল মানুহ আছে তাকেই প্ৰতিপন্ন কৰিছে।

মঙলদৈত মছজিদ নিৰ্মাণৰ বাবে কোটি টকীয়া ভূমি দান হিন্দু পৰিয়ালৰ
মই গো মাংস খাওঁ, কোনোৱে বাধা দিব নোাৱাৰে,এয়া জীৱনশৈলীঃ ৰাজ্যিক বিজেপি প্ৰধান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in