নগাঁও আৰক্ষীৰ সফলতা : বিক্ৰী হোৱা শিশু উদ্ধাৰ, আটক ৪

নগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা ২০ আগষ্টত বিক্ৰী হোৱা তিনি বছৰীয়া পুত্ৰ সন্তানটিক আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৷ নগাঁও জিলাৰ আমনি ডিজুবস্তিৰ পৰা উদ্ধাৰ কৰা হৈছে কনমানিটিক ৷ আৰক্ষী বিষয়াই শিশুটিক উদ্ধাৰ কৰি নগাঁও সদৰ থানালৈ আনে ৷

author-image
Asomiya Pratidin
New Update
 নগাঁও আৰক্ষীৰ সফলতা : বিক্ৰী হোৱা শিশু উদ্ধাৰ, আটক ৪

উদ্ধাৰ হোৱা শিশুটি

ডিজিটেল সংবাদ,নগাঁও : নগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা ২০ আগষ্টত বিক্ৰী হোৱা তিনি বছৰীয়া পুত্ৰ সন্তানটিক আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৷ নগাঁও জিলাৰ আমনি ডিজুবস্তিৰ পৰা উদ্ধাৰ কৰা হৈছে কনমানিটিক ৷ আৰক্ষী বিষয়াই শিশুটিক উদ্ধাৰ কৰি নগাঁও সদৰ থানালৈ আনে ৷

Advertisment

অভিযানকাৰী আৰক্ষীয়ে ডিজুবস্তিৰ ইদ্ৰীছ আলিৰ ঘৰৰ পৰা শিশুটিক সুস্থ অৱস্থাতে উদ্ধাৰ কৰিছে ৷ শিশুটি উদ্ধাৰ কৰাৰ লগতে ইদ্ৰীছ আলিক আৰক্ষীয়ে সোধপোচৰ বাবে আটক কৰিছে ৷ অগ্নিদগ্ধ হৈ নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত মৃত্যু হোৱা কৰুনা মুৰা নামৰ মহিলাগৰাকীৰ সন্তান আছিল উদ্ধাৰ হোৱা সন্তানটি ৷

১১ আগষ্টত কৰুনা মুৰাক ভৰ্তি কৰোৱা হৈছিল নগাঁও অসামৰিক চিকিৎসালয়ত ৷ ২০ আগষ্টত তিনিবছৰীয়া পুত্ৰ সন্তানটি ৮ হাজাৰ টকাত বিক্ৰী হৈছিল ৷ প্ৰথমে শিশুটিক নগাঁৱৰ শিয়ালমাৰীলৈ নিয়া হৈছিল ৷ তাৰ পৰা আমনি ডিজুবস্তিলৈ লৈ যোৱা হৈছিল ৷ জানিব পৰা মতে ঘটনাৰ সন্দৰ্ভত মুঠ চাৰিজন লোকক আটক কৰিছে যদিও আৰক্ষী সোধপোচৰ বাবে আটক কৰা লোকসকলৰ নাম সদৰি কৰা নাই ৷

nagaon child assam Assam police